মৃণাল ডেকা,শুৱালকুছি:
কামৰূপ জিলাৰ চাংসাৰিত নিৰ্মিয়মান 'এইমছ'ৰ সৈতে শুৱালকুছিৰ পোনপটীয়া সংযোগ স্থাপনৰ বাবে স্থানীয় জালুকবাৰী সমষ্টিৰ বিধায়ক তথা গড়কাপ্টানি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত নিৰ্মাণ হৈ থকা ১০১ কোটি টকা ব্যয় সাপেক্ষ শিঙিমাৰী-শুৱালকুছি সংযোগী ফ'ৰলেন ৰাজ্যিক ঘাইপথ নিৰ্মাণত ব্যাপক বিসংগতি হোৱাৰ অভিযোগ তুলি পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই পথটো নিৰ্মাণৰ কাম বন্ধ দিয়ে।পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মনোৰঞ্জন দাসৰ নেতৃত্বত যোৱা দলটোৱ কয় যে ফ’ৰলেন পথটোৰ সুৰক্ষাৰ বাবে প্ৰাককলন অনুসৰি পূব দিশত নিৰ্মাণ কৰি থকা গাৰ্ড ৱালত নিম্ন মানৰ সামগ্ৰীৰে কাম কৰিছে গৌতম কনষ্ট্ৰাকশ্বন নামৰ সংস্থাটোৱে।এই সন্দৰ্ভত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতাই কয় যে পূৰ্বেও নিম্নমানৰ সামগ্ৰীৰ ব্যৱহাৰ সন্দৰ্ভত নিৰ্মাণকাৰী সংস্থাৰ কৰ্তৃপক্ষক অৱগত কৰা হৈছিল।
তাৰ পিছতো সংস্থাটোৱে এনে অভিযোগলৈ ভ্ৰূক্ষেপ নকৰি নিৰ্মাণৰ কাম চলাই আছিল।কমিছনৰ অংকত গড়কাপ্তানি বিভাগৰ একাংশ ঘোচখোৰ বিষয়াই নিৰ্মাণকাৰী সংস্থাৰ লগত মিলি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰিছে।অতি শীঘ্ৰেই এই নিম্নমানৰ সামগ্ৰী আঁতৰাই নিবলৈ ছাত্ৰ নেতা জনে দাবী জনায়।অন্যথা ভৱিষ্যতৰ দিনত এনেধৰণৰ নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিলে ভয়ংকৰ পৰিস্থিতিৰ সম্মুখীন হ'ব লাগিব বুলি নিৰ্মাণকাৰী সংস্থা গৌতম কনষ্ট্ৰাকশ্বনৰ কৰ্তৃপক্ষক সকীয়াই দিয়ে ৷
- Log in to post comments
- 17 views