কামৰূপৰ বালিসত্ৰত কৃষক ৰাইজৰ মাজত উন্নত মানৰ ধানৰ বীজ বিতৰণ 'আছু'ৰ 

Pic

মৃণাল ডেকা,শুৱালকুছি:

সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু বালিসত্ৰ ছাত্ৰ সন্থাৰ সহযোগত বালিসত্ৰ শ্বহীদ ভৱন প্ৰাংগনত বৃহত্তৰ অঞ্চলটোৰ কৃষকসকলৰ মাজত ধানৰ বীজ বিতৰণ কৰা হয়।অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম ছাত্ৰ  সন্থাৰ সহকৰী সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাসে কয় যে কৃষিৰ জড়িয়তে আমি সকলোৱে আগবাঢ়ি যাব লাগিব।কৃষিকৰ্মৰে আমি আৰ্থিকভাৱে সবল হব পাৰিম বুলি উল্লেখ কৰি তেওঁ পুনৰাই কয় যে  বজাৰ-পথাৰ অসমীয়াৰ দখলত থাকিব লাগিব আৰু এই উদ্দেশ্য আগত ৰাখি কৃষক ৰাইজক কিছু সকাহ দিয়াৰ চেষ্টা কৰি মঙলবাৰে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু বালিসত্ৰ ছাত্ৰ সন্থাৰ সহযোগত কৃষক ৰাইজৰ মাজত ধানৰ বীজ বিতৰণ কৰা হয় ৷ বীজ বিতৰণ অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্য্যালয় আৰু তথ্য  সম্পাদক ধৰ্মেশ্বৰ দাস,সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত দাস প্ৰমুখ্যে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল।

 

Your Comments