ব্যৰ্থ অইল ইণ্ডিয়া,অ'এনজিচিৰ বিশেষজ্ঞ:ছিংগাপুৰৰ বিশেষজ্ঞ আহিব বাঘজানলৈ

Pic

তিনিচুকীয়া জিলাৰ বাঘজানত অইল ইণ্ডিয়াৰ তেলখাদৰ পৰা  বিষাক্ত গেছ  নিৰ্গত হোৱাটো  বন্ধ কৰাত চূড়ান্ত ব্যৰ্থ ভাৰত চৰকাৰৰ পেট্ৰ'লিয়াম বিভাগ।অইল ইণ্ডিয়া লিমিটেড আৰু অ'এনজিচিৰ বিশেষজ্ঞই বিষাক্ত গেছ নিৰ্গত বন্ধ কৰিব পৰা নাই।যাৰ বাবে ছিংগাপুৰৰ পৰা বিশেষজ্ঞ হায়াৰ কৰিব ভাৰত চৰকাৰে।এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

বাঘজানৰ গেছ নিৰ্গত ঘটনাৰ বিষয়ে মঙলবাৰে দ্বিতীয়বাৰ কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক অৱগত কৰে মুখ্যমন্ত্ৰী সোণোৱালে।প্ৰথমবাৰৰ আহ্বানত বিশেষ সহায় নোপোৱাত দ্বিতীয়বাৰ ফোনযোগে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সমস্যা সমাধান কৰাৰ আহ্বান জনায়।অইল ইণ্ডিয়া লিমিটেড আৰু অ'এনজিচিৰ বিশেষজ্ঞসকলৰ দ্বাৰা যদি সম্ভৱ নহয়,তেন্তে বাহিৰৰ পৰা বিশেষজ্ঞ আনি নিৰ্গত গেছ বন্ধ কৰাৰ আহ্বান জনায় সোণোৱালে।মুখ্যমন্ত্ৰীগৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বুধবাৰৰ ভিতৰত  চিংগাপুৰপৰ পৰা বিশেষজ্ঞ  তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে।মুখ্যমন্ত্ৰী সোণোৱালে উল্লেখ কৰিছে এই কথা।

সোণোৱালে লগতে বাঘজান অঞ্চলৰ ২.৫ কিঃমিঃ ব্যাসাৰ্ধৰ আশে-পাশে থকা লোকক অতি সোনকালে ক্ষতিপূৰণ দিয়াৰ আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক।কাৰণ ৰাইজ ঘটনাটোক লৈ চিন্তিত হৈছে।ঘটনাটো অতি স্পৰ্শকাতৰ।

আনহাতে,কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ নির্দেশত তিনিচুকীয়া জিলালৈ পেট্ৰ'লিয়াম মন্ত্ৰণালয়ৰ এগৰাকী যুটীয়া সচিব আহিছে।তেওঁ জিলা প্ৰশাসন আৰু ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণৰ সৈতে বৈঠকত মিলিত হয়।এই কথা অৱগত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Your Comments