গৰমচুঙত বৰলীয়া নৈৰ তীব্ৰ খহনীয়া:খহনীয়া বন্ধ হোৱাৰ বাবে মহিলাৰ নাম-প্ৰসংগ

Pic

বাহাৰঘাটৰ পৰা নৰেন শৰ্মাৰ প্ৰতিবেদন:

কেইবাদিনো ধৰি মুষলধাৰ বৰষুনে জনজীৱন বাধাগ্ৰস্ত কৰাৰ লগতে ফেনেফোটোকাৰে বাঢ়িছিল নৈসমূহ৷ঠায়ে ঠায়ে গৰাখহনীয়াই ভীতিগ্ৰস্ত কৰিছিল নৈপৰীয়া ৰাইজক৷কামৰূপ আৰু নলবাৰী জিলা সংযোগী বৰলীয়া নৈখনো ফেনেফোটোকাৰে বাঢ়ি নৈপৰীয়া ৰাইজক শংকিত কৰি তুলিছিল৷বিশেষকৈ কামৰূপ জিলাৰ হাজো বিধানসভা সমষ্টিৰ গৰমচুং গাঁঁৱৰ কেইটামান পৰিয়াল নৈখনৰ খহনীয়াৰ বাবে ভীতিগ্ৰস্ত হৈ পৰিছে৷নৈখনৰ পাৰতে বসবাস কৰি কৃষিকৰ্মৰে জীৱন অতিবাহিত কৰা এই পৰিয়ালকেইটাই প্ৰতিটো বাৰিষাতে যন্ত্ৰণা ভোগ কৰিব লগা হয়৷নৈখনৰ জলপৃষ্ঠ বৃদ্ধি হ'লে ঘৰ-বাৰী পানীত ডুব গৈ এক যন্ত্ৰণাময় জীৱন কটাব লাগে পৰিয়ালকেইটাই৷বৰ্তমান নৈৰ জলপৃষ্ঠ হ্ৰাস পাইছে৷কিন্তু প্ৰৱল গৰাখহনীয়াই শংকিত কৰিছে চুবুৰীটোৰ বাসিন্দাসকলক৷জলসম্পদ বিভাগৰ মানুহ আহিলে পৰিয়ালকেইটাই অনুৰোধ কৰে খহনীয়া প্ৰতিৰোধৰ বাবে৷কিন্তু ব্যৱস্থা গ্ৰহণ কৰা নাই জলসম্পদৰ বিষয়া- কৰ্মচাৰীয়ে।বিভাগটোৰ নলবাৰী সংমণ্ডলৰ অন্তৰ্গত উক্ত অঞ্চলৰ ৰাইজৰ দুৰ্দশা দেখিও ঘোৰ নিদ্ৰাত বিভাগৰ বৰমূৰীয়াসকল৷সেয়েহে উপায়বিহীন হৈ মঙলবাৰে চুবুৰীটোৰ মহিলাসকলে একগোট হৈ চৰকাৰ তথা জনপ্ৰতিনিধিৰ সুমতি বিচাৰি নাম-প্ৰসংগৰে প্ৰাৰ্থনা কৰে৷তেওঁলোকে বুঢ়া বৰলীয়াক নাম-প্ৰসংগৰে প্ৰাৰ্থনা জনাই পৰিয়ালকেইটাৰ সা-সম্পত্তিৰ লগতে প্ৰাণীকেইটাৰ জীৱন ৰক্ষাৰ বাবে ভক্তিভাবেৰে অনুৰোধ জনায়।আনহাতে,হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰো সুমতি কামনা কৰে৷তেওঁলোকক চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰাৰ অভিযোগ তুলি কয় যে  প্ৰধানমন্ত্ৰী কিষান সন্মান নিধিৰ ধন পোৱা নাই  চুবুৰীটোৰ বেচিভাগ প্ৰকৃত কৃষকে।

 

Your Comments