দক্ষতা বিকাশ,উদ্যোগ আৰু কৃষিখণ্ডক প্ৰাধান্য দিয়াৰ পৰামৰ্শ:সুভাষ দাস কমিটীৰ প্ৰতিবেদন দাখিল

Pic

ক'ৰ'না ভাইৰাছে ধ্বংস কৰা ৰাজ্যৰ অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ বাবে গঠিত বিশেষ পৰামৰ্শদাতা কমিটীয়ে সোমবাৰে দাখিল কৰে প্ৰতিবেদন।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত আঠজনীয়া কমিটীখনৰ অধ্যক্ষ প্ৰাক্তন প্ৰশাসনিক বিষয়া সুভাষ চন্দ্ৰ দাসে দাখিল কৰে পৰামৰ্শ সন্নিৱিষ্ট প্ৰতিবেদনখন।

মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত তিনি মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা,অতুল বৰা,চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰাজ্য মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰে পৰামৰ্শ প্ৰতিবেদন।

উল্লেখ যে নিৰ্ধাৰিত সময়সীমা অনুসৰি ২০দিনৰ ভিতৰত কমিটীখনে ৰাজ্যৰ বিধ্বস্ত অৰ্থনীতি পুনৰুজ্জীৱিত কৰিব বাবে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰামৰ্শ দাখিল কৰিছে।মূলত: দক্ষতা বিকাশ,কৃষি আৰু উদ্যোগখণ্ডৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি প্ৰতিবেদনখনত ৰাজ্য চৰকাৰক পৰামৰ্শ সমূহ আগবঢ়াইছে।এই কথা উল্লেখ কৰে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।

পৰামৰ্শত উল্লেখ আছে মীন,পশু,হাঁহ-কুকুৰা, পালনৰ ওপৰত অধিক গুৰুত্ব দিব লাগে।ক'ৰ'না বাবে লোকচান হোৱা এইসমূহ ফাৰ্মক অনুদান দিব লাগে।

বহি:ৰাজ্যত আৱদ্ধ ৰাজ্যৰ শ্ৰমিকসকলক তিনিমাহৰ বাবে ৪০০০ টকাকৈ সাহায্য প্ৰদান কৰিব লাগে।

হাঁহ-কুকুৰা,ব্রইলাৰ পালকসকলৰ বাবে বিদ্যুৎ ব্যৱস্থাত ৰেহাই দিব লাগে।

কৃষিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে।ৰবি শস্যৰ লগত জড়িত ৰাজ্যৰ কৃষকসকলক সহায় কৰিব লাগে।এইদৰে প্ৰায় অৰ্ধশতাধিকতকৈ অধিক পৰামৰ্শ কমিটীখনে আগবঢ়াইছে ৰাজ্য চৰকাৰক।

গুৰুত্বপূৰ্ণ যে কমিটীৰ প্ৰতিবেদন অধ্যয়ন  কৰি কাৰ্যকৰী ৰূপ দিয়াৰ বাবে বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক অধ্যক্ষ হিচাপে লৈ তিনিজনীয়া কমিটী গঠন কৰিছে ৰাজ্য চৰকাৰে।কমিটীৰ অন্য দুজন সদস্য হৈছে মন্ত্ৰী অতুল বৰা আৰু চন্দ্রমোহন পাটোৱাৰী।এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোণোৱালে।

কমিটীৰ পৰামৰ্শসমূহত নতুনৰ সন্ধান পাম বুলি উল্লেখ কৰে সোণোৱালে।লগতে নিৰ্দিষ্ট সময়ৰ ভিতৰত পৰামৰ্শ প্ৰতিবেদন দাখিল কৰাৰ বাবে কমিটীখনক ধন্যবাদ জনায়।

Your Comments