নগাঁও জিলাৰ কাষৰিগাঁৱত সজীৱ গুলী আৰু পিষ্টলসহ পাঁচটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ 

Decoit

নগাঁঁৱৰ পৰা ৱাহিদুদ জামান:

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পুৰণিগুদাম আৰক্ষী চকীৰ এলেকাধীন  কাষৰিগাঁঁওস্থিত ৰিলায়েন্স পেট্ৰ'ল ডিপ'ৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দেওবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই পাঁচটা দুৰ্ধৰ্ষ ডকাইতক পিষ্টলসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।ঘটনা সন্দৰ্ভত জানিব পৰা মতে, নগাঁও জিলা উপ-আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ দাসৰ নেতৃত্বত পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰদাও গয়াৰীৰ সহযোগত এটা আৰক্ষীৰ দলে অভিযান চলাই নগাঁও চহৰৰ দিশৰ পৰা পুৰণিগুদাম অভিমুখে গৈ থকা ডকাইটৰ দলটোক গ্ৰেপ্তাৰ কৰে।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতকেইটা হ'ল - আমনিৰ জিয়াবুৰ ৰহমান(২৭),বাজিয়াগাঁঁও  পেনাইৰ ৱাহিদুল ইছলাম(৩১),মাগুৰমাৰীৰ মাৰফৎ আলী(২০),দিজুবস্তিৰ জামছেদ আলী(২৯)আৰু মাগুৰমাৰীৰ মফিদুল ইছলাম (২০)৷ উক্ত ডকাইতৰ দলটোৰ পৰা আৰক্ষীয়ে ৭.৬৫ পিষ্টল,.২২ পিষ্টল আৰু এটা পুতলা পিষ্টলসহ আঠ জাঁঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে এই ডকাইতৰ দলটোৱে দীৰ্ঘদিন ধৰি বিভিন্ন স্থানত ডকাইতিৰ কাণ্ড সংঘটিত কৰি আহিছিল। আৰক্ষীয়ে সন্দেহ কৰা মতে এই ডকাইতৰ দলটোয়ে ৰাষ্ট্ৰীয় ঘাইপথেৰে চলা সামগ্ৰী কঢ়িওৱা ট্ৰাক বা আন গাড়ীত ডকাইতি কৰাৰ বাবে প্ৰস্তুতি চলাইছিল।গোপন সূত্ৰত আৰক্ষীয়ে এই খবৰ লাভ কৰি অভিযান চলাই ডকাইতকেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।


 

Your Comments