হাজোৰ তেতেলীয়াৰ সনাতন ডেকাৰ হত্যাকাণ্ডৰ পাঁঁচজন অভিযুক্তক জেল হাজোতলৈ প্ৰেৰণ 

হাজোৰ পৰা কমলাকান্ত দাস:

হাজোৰ তেতেলীয়াৰ পাচলি ব্যৱসায়ী সনাতন ডেকাৰ হত্যাকাণ্ডৰ অভিযোগত অভিযুক্ত পাঁঁচজন অপৰাধীক সোমবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে।যোৱা ২২ মে'ত হাজো আৰক্ষী থানাৰ অন্তৰ্গত মনাহকুছিত সংঘটিত প্ৰয়াত সনাতন ডেকাৰ হত্যাকাণ্ডৰ অভিযোগত অভিযুক্ত পাঁঁচজন অপৰাধী ক্ৰমে ফাইজুল হক,ইউচুুফুদ্দিন  আহমেদ,আব্দুল জলিল, খবিৰুদ্দিন আহমেদ আৰু পিৰজাহান আলীক সোমবাৰে হাজোস্থিত আদালতত হাজিৰ কৰোৱাই জেল হাজোতলৈ প্ৰেৰণ কৰে।উল্লেখ্য যে দেশজুৰি চলি থকা লকডাউনৰ সময়ত ৰাজ্যৰ সকলোবোৰ চৰকাৰী -  বেচৰকাৰী উদ্যোগ-প্ৰতিষ্ঠান বন্ধ হৈ পৰাত প্ৰতিষ্ঠানসমূহত কৰ্মৰত শ্ৰমিকসকল নিবনুৱা হৈ পৰে।হাজোৰ তেতেলীয়াৰ প্ৰয়াত সনাতন ডেকাও তেনে এগৰাকী শ্ৰমিক আছিল।প্ৰয়াত সনাতন ডেকা পছৰীয়াস্থিত ইমামী কোম্পানীত কৰ্মৰত আছিল যদিও লকডাউনৰ সময়ত প্ৰতিষ্ঠানটো বন্ধ হৈ পৰাত পৰিয়ালক পোহ-পাল দিয়াৰ উদ্দেশ্যেৰে গাঁঁৱে-গাঁঁৱে পাচলি বিক্ৰী কৰি ফুৰিছিল।কিন্তু হঠাতে যোৱা ২২ মে'ৰ দিনাখন দুপৰীয়া মনাহকুছিত পাচলি বিক্ৰী কৰি থকাৰ সময়তে পথ দুৰ্ঘটনাক্ৰমে হত্যাৰ বলি হৈছিল।হত্যাকাণ্ডৰ অভিযোগত অভিযুক্ত আটাইকেইজনক হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি  480/  2020  আই পি চি 120(বি) 302 গোছৰ ৰুজু কৰি হাজোস্থিত আদলতত হাজিৰ কৰোৱাই ছয়দিনলৈ জিম্মাত লৈছিল।সোমবাৰে জিম্মাৰ দিন ওকলি যোৱাত তেওঁঁলোকক আদলতত হাজিৰ কৰোৱাত আটাইকেইজনকে জেল হাজোতলৈ প্ৰেৰণ কৰে ।

Your Comments