'লকডাউন'ত ক্ষতিগ্ৰস্ত হালোগাঁও-বামুন্দীৰ শিপিনীক সাহায্যৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

Pic

হাজোৰ পৰা কমলাকান্ত দাস:

বিশ্বত্ৰাস ক'ৰ'না মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে অব্যাহত থকা দেশজোৰা 'লকডাউন'ৰ ফলত বিশেষভাৱে ক্ষতিগ্ৰস্ত কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত হালোগাঁঁও-বামুন্দী অঞ্চলৰ শিপিনীসকলক এককালীন সাহায্য দিয়াৰ দাবীত শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে।উল্লেখ্য যে দেশত ক'ৰ'না।সংক্ৰমণ প্ৰতিৰোধৰ  বাবে চলি থকা দীঘলীয়া লকডাউনৰ ফলত বস্ত্ৰনগৰী শুৱালকুছিৰ নিকটৱৰ্ত্তী লাহ,কয়াটোল,হালোগাঁঁও,বামুন্দী,শিলগুৰি আদি অঞ্চলৰ শতাধিক শিপিনীৰ পৰিয়াললৈ দুৰ্যোগ নামি আহিছে।তেওঁঁলোকে এতিয়া পেটৰ ভাতমুঠিৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে।অঞ্চলটোৰ বহু শিপিনীয়ে বন্ধন,ছাহাৰা আদি বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ বহু আশাৰে তাঁত শশাল পাতিছিল।কিন্তু ক'ৰ'না মহামাৰীয়ে শিপিনীসকলৰ আশা-আকাংক্ষা নিঃশেষ কৰি পেলালে।তেওঁলোকে জনোৱা মতে,তেওঁলোকৰ উৎপাদিত পাট-মুগাৰ কাপোৰ বিক্ৰী কৰিবলৈ পৰা নাই।ব্যৱসায়ীসকলেও কাপোৰ নোলোৱা হৈছে আৰু দিব লগা হ'লেও আৰ্থিক অনাটনৰ বাবে লোকচান ভৰি কম দামতে দিব লগা হৈছে।সেয়ে 'অংকুৰ শিপিনী সন্থা'ৰ প্ৰায় শতাধিক শিপিনীয়ে হাতে হাতে প্লে'কাৰ্ড লৈ সামাজিক দূৰত্ব বজাই ৰাখি হালোগাঁঁও নাথপাৰা গোপাল আতৈ সত্ৰ প্ৰাঙ্গণত  প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে।তেওঁঁলোকে হালোগাও-বামুন্দী অঞ্চলৰ শিপিনীসকলক চৰকাৰৰ সকলো সুবিধা প্ৰদান কৰক,সুলভ মূল্যত পাট-মুগাৰ সূতা যোগান ধৰক,আৰ্টফেডে আমাৰ উৎপাদিত পাট-মুগাৰ কাপোৰ গ্ৰহণ কৰক,আৰ্থিক সাহায্য প্ৰদান কৰক,অংকুৰ শিপিনী সন্থা জিন্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।তদুপৰি, শিপিনীসকলৰ নাম বিভাগীয়ভাৱে পঞ্জীয়ন কৰি তেওঁলোকক সকলো চৰকাৰী সা-সুবিধা প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত অংকুৰ শিপিনী সন্থাৰ সভাপতি মহেন্দ্ৰ দাস আৰু সম্পাদক জোন শালৈ স্বাক্ষৰিত এখন স্মাৰকপত্ৰ ৩নং জিলা পৰিষদৰ সদস্য বিপুল দাসৰ জৰিয়তে বিভাগীয় মন্ত্ৰীলৈ প্ৰেৰণ কৰে।

Your Comments