বঙাইগাঁও জিলাৰ পঞ্চগাঁৱৰ যুৱকৰ দেহত ধৰা পৰিল কোভিড-১৯ৰ পজিটিভ 

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

ক'ৰ'না সংক্ৰমণে ৰাজ্যখনত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে ৩০মে'ত পুনৰ বঙাইগাঁও জিলাৰ এজন ওঠৰ বছৰীয়া যুৱকৰ দেহত কোভিড- ১৯ পজিটিভ ধৰা পৰিছে।বহিঃৰাজ্যৰ পৰা অহা যুৱকজন প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইনত আছিল।জানিব পৰা মতে জিলাখনৰ বইটামাৰী ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্রৰ অন্তৰ্গত 'ধনতোলা এম ভি স্কুল'ৰ কোৱাৰেণ্টাই চেণ্টাৰত থকা কোভিড-১৯ ত আক্ৰান্ত যুৱকজন নোৱাজ উদ্দিনৰ পুত্ৰ আব্দুল লতিফ আহমেদ।যুৱকজন হায়দৰাবাদৰ পৰা আহিছিল।উল্লেখ্য যে ঈদৰ আগদিনা অৰ্থাৎ ২৪ মে'ত যুৱকজন বঙাইগাঁও জিলাৰ বইটামাৰীৰ সমীপৰ পঞ্চগাঁৱৰ নিজ ঘৰলৈ ঘূৰি আহিছিল।এদিন নিজ ঘৰত কটোৱাৰ পিচত ২৫ মে'ৰ পৰা যুৱকজনক ধনতোলা এম ভি স্কুলৰ কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখা হৈছিল।এনে অৱস্থাতে শনিবাৰে নমুনা পৰীক্ষাৰ ফলাফলত যুৱকজনৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে।যুৱকজন কোভিড-১৯ত আক্ৰান্ত বুলি জিলা স্বাস্থ্য বিভাগে তথ্য লাভ কৰাৰ পিচতে স্বাস্থ্য বিভাগৰ এটা দল কোৱাৰেণ্টাইন কেন্দ্ৰত উপস্থিত হয় আৰু উন্নত চিকিৎসাৰ বাবে যুৱকজনক ১০৮ৰে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়।ইফালে,জিলা প্ৰশাসনৰ পৰা জানিব পৰা মতে যুৱকজনৰ নমুনা ধুবুৰী জিলাত লৈছিল ৷ জানিব পৰা মতে আব্দুল লতিফ আহমেদৰ নমুনা ধুবুৰী জিলাৰ বিলাসীপাৰাত লৈছিল আৰু তাতে সাতদিন কোৱাৰেণ্টাইনত আছিল।তাৰ পিছতহে বঙাইগাঁও জিলালৈ আহিছিল ।যুৱকজনৰ সৈতে মুঠ ৪৭ জন বিভিন্ন জিলাৰ শ্ৰমিকে হায়দৰাবাদৰ পৰা বাছ ভাড়া কৰি আহিছিল বুলিও জানিব পৰা গৈছে।উল্লেখ্য যে ইতিপূৰ্বে কোভিড-১৯ত আক্ৰান্ত হোৱা বঙাইগাঁও জিলাৰ পাঁচজনকৈ ব্যক্তি ইতিমধ্যে চিকিৎসা লাভ কৰি সুস্থ হৈছে।আগৰ পাঁচজন আক্ৰান্তকে ধৰি জিলাখনত বৰ্তমানলৈকে কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ছয়জনলৈ বৃদ্ধি পালে। 


 

Your Comments