'১০-১৫ জুনৰ ভিতৰত ৰাজ্যৰ ক'ৰ'না পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিব':গোলাঘাটত ডঃ হিমন্ত বিশ্ব শৰ্মা

Pic

গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:

সমগ্ৰ অসমৰ ভিতৰতে গোলাঘাট জিলাত ক'ভিড -১৯ আক্ৰান্তৰ  পৰিসংখ্যাই জটিল ৰূপ ধাৰণ কৰাৰে সময়ত শনিবাৰে পুনৰ  গোলাঘাটত উপস্থিত হয় স্বাস্থ্য আৰু ৰিয়াল কল্যাণ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।সংবাদিকক সম্বোধন কৰি ড° শৰ্মাই অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বাঢ়ি অহাৰ কাৰণ বৰ্হিৰাজ্যৰ পৰা সংক্ৰমিত যুৱক-যুৱতীৰ আগমণ বুলি কয়।লগতে বিগত দিনত দৈনিক ৪০০-৫০০ লোকৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল যদিও শুকুৰবাৰে সৰ্বাধিক ৮০০ পৰীক্ষা হোৱাত স্বাভাৱিকতে পজিটিভৰ সংখ্যা বৃদ্ধি পাইছে বুলি কয়।আগন্তক দুই-তিনিদিনলৈকে বঢ়াৰ সম্ভাৱনা আছে যদিও ১০-১৫ জুনৰ ভিতৰত সকলো নিয়ন্ত্ৰণলৈ আহিব বুলিও আশ্বাস দিয়ে।বিশেষকৈ এই জটিল সময়ত সকলোকে বয়োজ্যেষ্ঠসকলক সুৰক্ষিত কৰাৰ আহ্বান জনাই মন্ত্ৰীজনে।বৰ্তমান বৰ্হিৰাজ্যত গোলাঘাটৰ ১০ হাজাৰ যুৱক- যুৱতী আছে।এইসকল জিলাখনলৈ আহি থাকিলে সংক্ৰমিত লোকৰ সংখ্যা বাঢ়িব যদিও এক সীমাৰ ভিতৰতে হ'ব।যিহেতু ৰাজ্যখনত জিলা প্ৰশাসনৰ কোৱাৰেন্টাইন ব্যৱস্থা যথেষ্ট কটকটীয়া হৈছে।ইফালে,চহৰসমূহত ক'ভিড পজিটিভৰ বাবে বিচনাৰ  সংখ্যা সীমিত যদিও আগন্তুক সময়ত জিলাসমূহৰ অন্তৰ্গত মডেল হাস্পতালত ৰোগী ৰখাৰ পৰিকল্পনা কৰাৰ কথা ডঃ শৰ্মাই সদৰি কৰে।

Your Comments