দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
বৰক্ষেত্ৰীৰ লাৰকুছি অঞ্চলত শনিবাৰে গড়াখহনীয়া পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উল্লেখযোগ্য যে বৰক্ষেত্ৰীৰ লাৰকুছি অঞ্চলত ব্যাপক গড়াখহনীয়া চলি আছে।মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত এতিয়া চাৰিটা দুৰ্যোগ চলি আছে ক'ৰ'না,বানপানী, ছোৱাইন ফ্লু আৰু ধুমুহা।গতিকে অসমত এতিয়া অত্যন্ত বিপদৰ সময়।তলাবন্ধ (লকডাউনৰ)সময়ত মথাউৰি আৰু গড়াখহনীয়া ৰোধৰ কাম কিছু কম পৰিমানে চলি আছে যদিও এতিয়া ক্ষিপ্ৰতাৰে কাম চলিব।পঞ্চায়ত প্ৰতিনিধিসকলৰ সহযোগত এই কাম চলি আছে।এই ক্ষেত্ৰত ৰাইজৰ সহায় লাগিব।মথাউৰি নিৰ্মাণ বা অন্যান্য কামত দুৰ্নীতি হ’ব নোৱাৰিব।বানপানীৰ সময়ত হোৱা খেতিয়কৰ ক্ষয়-ক্ষতি সন্দৰ্ভত ৰাজ্য চৰকাৰে ব্যৱস্থা ল’ব।মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকা,নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা আৰু জলসম্পদ বিভাগৰ বিষয়াসকল।
- Log in to post comments
- 21 views