হাজোৰ পৰা কমলাকান্ত দাস:
বৰম্বৈত এছএফআই আৰু ডিৱাইএফআইৰ উদ্যোগত শুকুৰবাৰে ৰূপায়ণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী।অসম ৰাজ্যিক কমিটীৰ আহ্বানমৰ্মে বিভিন্ন জলন্ত সমস্যা সমাধানৰ দাবীত সংগঠন দুটাৰ হাজো-দমদমা আঞ্চলিক সমিতিয়ে লকডাউনৰ সকলো নীতি-নিয়ম মানি ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী।সংগঠন দুটাৰ প্ৰায় অৰ্ধশতাধিক কৰ্মী-সমৰ্থকে আমাৰ দাবী ন্যায্য দাবী, দেৱাংগনা কলিতা আৰু নাটাচা নাৰোৱালকে ধৰি সকলো 'কা'বিৰোধী আন্দোলনকাৰীক বিনাচৰ্তে মুক্তি দিয়ক,হাজোৰ সনাতন ডেকা আৰু চাবুৱাৰ পৰাগজ্যোতি নেওগৰ হত্যাৰ তথা নলবাৰীৰ হিৰণ্য শৰ্মাৰ নিৰ্যাতনৰ ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰক, দিহিং-পাটকাই সংৰক্ষিত বনাঞ্চল তথা বৰ্ষাৰণ্যখনত কয়লাৰ মুক্ত খনন আৰু ডিব্ৰু- ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত হাইড্ৰ-কাৰ্বন নিষ্কাষণ বন্ধ কৰক,দুৰ্যোগৰ সময়ত আৰু পথ সম্পূৰ্ণ নকৰাকৈ ট'ল গে'ট বন্ধ কৰক,নতুনকৈ অসমৰ সাতখন তৈলক্ষেত্ৰ ব্যাক্তিগতকৰণৰ সিদ্ধান্ত বাতিল কৰক,সাংবাদিক ৰঞ্জিতা ৰাভাক পুনৰ সংস্থাপন প্ৰদান কৰক,সকলো সাংবাদিকৰ জীৱন-জীৱিকা সুৰক্ষিত কৰক আৰু ব্যাক্তিগত খণ্ডৰ কৰ্মচাৰীসকলক দৰমহা আদায় দিয়াৰ লগতে সামাজিক সুৰক্ষা প্ৰদান কৰক আদি দাবীৰে বৰম্বৈ চ'ক বজাৰৰ পৰিৱেশ উত্তাল কৰি তোলে।
- Log in to post comments
- 21 views