আল্লিয়াত পশু চিকিৎসাৰ নামত ৩০ বছৰে প্ৰতাৰণা:পশু চিকিৎসালয় স্থাপনৰ বাবে 'আছু'ৰ দাবী               

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ সদৰ বিধানসভা সমষ্টিৰ নলবাৰীৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আল্লিয়াৰ পশুপালক কৃষক সমাজ যুগ যুগ ধৰি  পশু চিকিৎসাৰ নামত প্ৰতাৰণাৰ বলি হৈ অহা বুলি আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুন দাস আৰু সম্পাদক ধৰ্মেশ্বৰ দাসে অভিযোগ কৰিছে।বৃহত্তৰ অঞ্চলটোৰ কৃষকসমাজে নিজৰ গাঠিৰ ধন ভাঙি বিভিন্ন জাতৰ কৃষি কৰি আহিছে যদিও কৃষি বিভাগৰ  সেৱা আৰু পশু চিকিৎসাৰ পৰা বঞ্চিত হৈছে।  উল্লেখ যে অঞ্চলটোৰ ৯০ শতাংশ লোকে কৃষি  আৰু পশুপালন  কৰি  জীৱন নিৰ্বাহ কৰি আহিছে যদিও স্বাধীনতাৰ ৭২ বছৰৰ পিছতো অঞ্চলটোত এখন পশু চিকিৎসালয় স্থাপন নোহোৱাত বৃহত্তৰ অঞ্চলটোৰ আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি দল-সংগঠন অসন্তুষ্ট হৈ পৰিছে। আল্লিয়া অঞ্চলৰ বিশেষকৈ এক আৰু দুই নম্বৰ অৰৰা,বনগাঁও,মাধাপুৰ,ছোটোআল্লিয়া,নমাটি,নাৰায়গাঁও,গৰগৰী,তিনিপুখুৰী,পূৱবৰশিৰাল,পানীমাজকুছি,আদি গাঁৱৰ পশুপালনসকলে পশু চিকিৎসাৰ বাবে প্ৰতিটো মুহূৰ্ততে হাৰাশাস্তি সম্মুখীন হৈছে।তেওঁলোকে প্ৰতিপালন কৰা গৰু,মহ,ছাগলী,হাঁহ-কুকুৰা,গাহৰি,মাছ আদিৰ ৰোগ হ'লে চিকিৎসাৰ অভাৱত মৃত্যু হয় বুলি জানিব পৰা গৈছে।ইফালে অঞ্চলটোৰ একাংশ শিক্ষিত নিৱনুৱাই চৰকাৰী চাকৰিৰ আশা বাদ দি ব্ৰইলাৰ,গৰু,গাহৰি ফাৰ্ম খুলি আত্মসংস্থাপিত হোৱা প্ৰচেষ্টা অব্যাহত ৰাখিছে,কিন্তু এখন উপযুক্ত পশু চিকিৎসালয়ৰ অভাৱত তেওঁলোকে বিভিন্ন সময়ত সমস্যাত পৰি হাবাথুৰি খাবলগীয়া হৈছে।উল্লেখ‍্য যে সমস্যাৰে ভাৰাক্ৰান্ত আল্লিয়া অঞ্চলটোত এখন স্থানীয় পশুচিকিৎসালয় স্থাপনৰ বাবে জনপ্ৰতিনিধিসকলে আজি পৰ্যন্ত আহৰি নোপোৱাতে দুভাৰ্গ‍্যজনক হিচাপে বিবেচিত হৈছে বুলি বিভিন্ন মহলত চৰ্চিত হৈছে।জানিব পৰা মতে বিগত বছৰসমুহ অঞ্চলটোৰ ৰাইজে কেইবাৰো এখন পশুচিকিৎসালয় স্থাপনৰ বাবে গণতান্ত্ৰিকভাৱে আন্দোলন কৰা উপৰিও নলবাৰীৰ বিধায়ক অশোক শৰ্মাক আবেদন-নিবেদন কৰি কোনো সুফল পোৱা নাই।উল্লেখ‍্য যে তদানীন্তন অগপ চৰকাৰৰ সময়ৰ ৰাজ্যপাল ভীস্মনাৰায়ণ সিঙে অঞ্চলটোৰ পূববৰশিৰাল গাঁওক আদৰ্শ গাঁও হিচাপে ঘোষণা কৰি উক্ত অঞ্চলত এখন আদৰ্শ পশু চিকিৎসালয়ৰ স্থাপনৰ দিহা কৰিছিল।প্ৰস্থাবিত ঠাইডোখৰত এটা গৃহৰ ব‍্যৱস্থা কৰা হৈছিল যদিও সম্প্ৰতি গৃহটো ভাঙি-ছিঙি হাবি-জংঘলে আবৰি ধৰি ভূতবংঙলালৈ পৰ্যবেসিত হৈছে।সেয়েহে বৃহত্তৰ অঞ্চলটোৰ দল-সংগঠনৰ লগতে আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থা,ঘগ্ৰাপাৰ আঞ্চলিক যুৱ ছাত্র পৰিষদত,হিন্দু জাগৰন মঞ্চ ঘগ্ৰাপাৰ আঞ্চলিক সমিতি, আমছু আল্লিয়া আঞ্চলিক সমিতি,আল্লিয়া দুৰ্গা মন্দিৰ সমিতি আদিয়ে আল্লিয়া অঞ্চলত এটি পশু চিকিৎসালয় কেন্দ্ৰ স্থাপনৰ বাবে বিজেপি মিত্ৰজোঁট চৰকাৰৰ লগতে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা আৰু নলবাৰী জিলা উপায়ুক্তক দাবী জনাইছে।


প্ৰেৰক --দ্বিজেন ডেকা।ঘগ্ৰাপাৰ। ২৯/৫/২০.

Your Comments