প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত ব্যাপক দুৰ্নীতি,তদন্তৰ নামত ভেকোভাওনা:প্ৰকৃত কৃষকক অন্তৰ্ভুক্ত কৰাৰ দাবী 'আছু'ৰ 

'Aasu' memorandum on pm kishan sanman nidhi corruption

মৃণাল ডেকা,শুৱালকুছি:

ভাৰতবৰ্ষৰ কৃষকসকলক অৰ্থনৈতিকভাৱে স্বচ্ছল কৰাৰ উদ্দেশ্যৰে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি ৰূপায়ণ কৰিছিল ভাৰত চৰকাৰে।এই আঁচনিখন দেশৰ অন্যান্য ৰাজ্যৰ তগতে অসমতো ৰূপায়ণ কৰিছিল।কিন্তু লক্ষণীয়ভাৱে এই আচঁনিখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বিশেষকৈ কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তত কৃষক হিতাধিকাৰী বাচনিত ব্যাপক অনিয়ম তথা দুৰ্নীতি সংঘটিত হৈছে।এই আঁচনিখনত বহুত ভুৱা কৃষকৰ নাম সন্নিৱিষ্ট হৈছে।আনকি একাংশ পঞ্চায়ত প্ৰতিনিধিৰ অঙহী-বঙহী,স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰী,পেঞ্চনাৰৰ লগতে একোটা পৰিয়ালৰ প্ৰায় সদস্যই এই আঁচনিৰ অধীনত ধন লাভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।এই সন্দৰ্ভত সদৌ অসম  ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাসে কয় যে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত 'আছু'ৱে এটা উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছিল।কিন্তু সম্প্ৰতি অসমৰ কৃষি মন্ত্ৰী তথা কৃষি বিভাগে যিসকল কৃষি      বিষয়াক তদন্তৰ দায়িত্ব দিছিল,সেই তদন্তসমূহ ভেকোভাওনা হোৱা বুলি সৰৱ চৰ্চিত হৈছে।সেয়েহে শুকুৰবাৰে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ এটা সঁজাতি দলে জিলা উপায়ুক্ত কৈলাস কাৰ্ত্তিক এনক সাক্ষাৎ কৰি কৃষক সন্মান নিধি আঁচনিৰ তদন্ত সঠিক ৰূপত আগবঢ়া নাই বুলি উল্লেখ কৰি এয়া এক ভেকোভাওনালৈ ৰূপান্তৰ হোৱা বুলি উপায়ুক্তগৰাকীক অৱগত কৰে।সেয়েহে ইয়াৰ এটা নিৰপেক্ষ তদন্ত কৰি ভুৱা কৃষকৰ নাম কৰ্তন আৰু প্ৰকৃত কৃষকৰ নাম তালিকাভুক্ত কৰিবলৈ উপায়ুক্তগৰাকীক আছুৰ সঁজাতি দলটোৱে দাবী জনায়।

Pic

আছুৰ দলটোত সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য আৰু কাৰ্য্যালয়ৰ সম্পাদক ধৰ্মেশ্বৰ দাস,সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদষ্টা নিৰোদ কুমাৰ দাস,সদৌ কামৰূপ জিলা ছাত্ৰ সভাপতি দিবাকৰ কলিতা,সাধাৰণ সম্পাদক হেমন্ত দাস,সহকাৰী সাধাৰণ সম্পাদক ইমদাদুৰ ৰহমান,আছু নেতা পংকজ কলিতা,নৱজ্যোতি দাস,ঋতু দাস প্ৰমুখ্যে জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল  আছিল।ইয়াৰ পূৰ্বে আছুৰ সঁজাতি দলটোৱে কামৰূপ জিলাৰ নৱ-নিযুক্ত উপায়ুক্ত কৈলাস কাৰ্ত্তিক এনক ফুলাম গামোচা,শৰাই,ফুলৰ থোপাৰে আদৰণি জনায়।
 

Your Comments