ঘগ্ৰাপাৰৰ এখন গাঁও বছৰৰ প্ৰায়ভাগ মাহেই থাকে পানীৰ তলত:গুৰুত্ব নাই স্থানীয় বিধায়ক,সাংসদ দিলীপ শইকীয়াৰ 

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰীৰ জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এখন গাওঁ নাম দিহজাৰী।ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগৰ এইখন গাওঁৰ এই চুবুৰীটোলৈ মন কৰক।নাম দক্ষিণ চুবুৰী আৰু বৈশ্য চুবুৰী।এতিয়া এই দৃশ্যলৈ মন কৰক,এয়া কোনো পথাৰ নহয় এটা পথহে।বছৰৰ অধিকাংশ সময়ে এইদৰেই থাকে পানীৰ তলত।এয়া  কোনো নৈৰ বাঢ়নী পানী নহয়।এয়া মুষলধাৰ বৰষুণৰ ফলত হোৱা কৃত্ৰিম বানপানীহে।আৰু বানপানীৰ ফলত এনেদৰে থাকিব লগা হয় পৰিয়ালসমূহ।আলৈ-আথানি নোহোৱা হৈছে পৰিয়াল সমূহৰ।গৰু-মানুহে একলগে কৰিছে সহাৱস্থান।স্থানীয় লোকৰ মতে বিগত দুটা বছৰে এইদৰেই থাকিব লগা হৈছে পৰিয়ালকেইটাই।বাৰম্বাৰ প্ৰশাসনৰ পৰা সহায় বিচাৰিছে যদিও কোনো ধৰণৰ সঁঁহাৰি পোৱা নাই।যাৰ ফলত এই পথছোৱাকে ধৰি ঘৰ- দুৱাৰ পানীৰ তলত আছে,গছ-গছনি আদিও মৃত্যুৰ মুখত পৰিছে।মৃত্যু হৈছে পশুধনৰ।আনকি,পানীৰ বাবে ঘৰ এৰি আন ঠাইলৈ যাব লগা পৰিৱেশ উদ্ভৱ হৈছে পৰিয়ালকেইটাৰ বাবে।কৃষিভূমি বুলিবলৈও নাই,পথ-পথাৰ সকলোতে কেৱল সাগৰসদৃশ পানী।ইমান অসহ্যকৰ পৰিৱেশৰ মাজত থকাৰ পিছতে কিয় ব্যৱস্থা নলয় স্থানীয় প্ৰশাসনে।কিয় ৰাইজে দুৰ্ভোগ ভুগাৰ সময়ত খবৰ ল'বলৈ সময় নাই বিধায়ক অশোক শৰ্মাৰ।মাথো ভোটাৰ অংকত প্ৰতিশ্ৰুতিৰ বন্যা লৈ যায় নেকি এইসকল জনপ্ৰতিনিধি।আহৰি নাই মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰো।

Pic

স্থানীয় ৰাইজৰ মতে এই পানীৰ কৱলত পৰাৰ প্ৰধান কাৰণ হৈছে পানী নিস্কাষণৰ নাই কোনো ব্যৱস্থা।আজি কিছু বছৰ পূৰ্বে গাওখনৰ পানী ওলাই যোৱা পথসমূহত বৃহৎ আকৃতিৰ পুখুৰী খান্দি বাট নোহোৱা হোৱাৰ ফলত বছৰ বছৰ ভুগিছে জীয়াতু এতিয়া প্ৰশ্ন হয় কেতিয়া পাব পৰিত্ৰাণ নে এইদৰেই ভুগিব লাগিব জীয়াতু।কিয় ৰাইজৰ নিৰ্বাচিত প্ৰতিনিধিৰ খবৰ ল'বলৈ আহৰি নাই ? 

 

Your Comments