দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত বৃদ্ধি পাইছে নৈ-উপনৈসমূহৰ জলপৃষ্ঠ।ওফন্দি উঠিছে মহাবাহু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠও। আতংকিত হৈছে নৈপৰীয়া গঞা ৰাইজ। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৩নং লাৰকুছি, গৰক্ষাট্টাৰীত ব্ৰহ্মপুত্ৰ নৈৰ ভয়াৱহ গড়াখহনীয়াই শংকিত কৰিছে অঞ্চলবাসীক। ৩নং লাৰকুচিৰ মথাউৰিৰ দক্ষিণ ফালে থকা কেইবাটাও পৰিয়াল ইতিমধ্যে গতি কৰিছে নিৰাপদ স্থানলৈ।ওচৰৰে গৰক্ষাট্টাৰী গাৱঁৰ ৰাজহুৱা শ্মশান খেলপথাৰৰো ব্ৰহ্মপুত্ৰ নৈত জাহ যোৱাৰ উপক্ৰম হৈছে।মথাউৰিলৈ আহিছে ভাবুকি।প্ৰতি বছৰে হোৱা খহনীয়াৰ ফলত ইতিমধ্যে খেলপথাৰৰ কিছু অংশ ভূমি গড়াখহনীয়াৰ কবলত পৰি নৈত জাহ যোৱা বুলি উল্লেখ কৰে স্থানীয় লোকে। উল্লেখযোগ্য যে ৩নং লাৰকুচিত থকা মথাউৰি যদি চিগি যায়,তেন্তে বৰক্ষেত্ৰীৰ বহুসংখ্যক গাঁও জলমগ্ন হোৱাতো প্ৰায় নিশ্চিত বুলি কয় স্থানীয় লোকে।বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকা,জিলা উপায়ুক্ত ভাৰত ভূষণ চৌধুৰী,অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আনোৱাৰ আহমেদ মঙলবাৰে উক্ত ঠাইত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
- Log in to post comments
- 41 views