হাজোৰ পৰা কমলাকান্ত দাস:
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাৰ নিৰ্দেশক্ৰমে দলৰ এটা প্ৰতিনিধি দলে বুধবাৰে হাজোৰ তেতেলীয়া গাঁৱৰ প্ৰয়াত সনাতন ডেকাৰ ঘৰলৈকে গৈ পৰিয়ালটোৰ খা-খবৰ লয়।প্ৰতিনিধি দলটোৱে সনাতন ডেকাৰ হত্যাকাৰীক কঠোৰ শাস্তি দিয়াৰ হকে মত পোষণ কৰে।লগতে সনাতন ডেকাৰ পৰিয়ালক আইনী সাহায্য দিয়া হ'ব বুলিও পৰিয়ালটোক অৱগত কৰে।পৰিয়ালটোক আৰ্থিক সাহায্য দিয়াৰ লগতে প্ৰয়াত ডেকাৰ পত্নীক সংস্থাপনদিবলৈও কংগ্ৰেছ দলে প্ৰশাসনক দাবী জনায় । প্ৰতিনিধি দলটোত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদকদ্বয় ৰঞ্জন বৰা আৰু কল্যাণ গগৈ,মুখপাত্ৰ তথা সাধাৰণ সম্পাদক ববিতা শৰ্মা,মুখপাত্ৰ দিলীপ শৰ্মা,কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি ঘনশ্যাম কলিতা , নৃপেন ঠাকুৰীয়া,কামৰূপ জিলা কংগ্ৰেছৰ সম্পাদক ৰঞ্জন ডেকা,হাজো ব্লক কংগ্ৰেছৰ সভাপতি জিতেন্দ্ৰ ভৰালী,হাজো ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী পুতুলী মহন্ত আৰু উখুৰা-কেতেকীবাৰী পঞ্চায়তৰ আঞ্চলিক সদস্য কল্পনা দাস উপস্থিত থাকে।
- Log in to post comments
- 16 views