মৰিগাঁৱত পুনৰ ৫ জন আক্ৰান্ত:আক্ৰান্তৰ সংখ্যা ২৮ জনলৈ বৃদ্ধি

মৰিগাঁৱৰ পৰা জিতুমণি নাথ:

মৰিগাঁও জিলাত অস্বভাৱিকভাবে বৃদ্ধি পাবলৈ ধৰিছে ক'ৰ'নাত আক্ৰান্ত সংখ্যা।মঙলবাৰৰ দিনটোত ৮ জন আক্ৰান্ত হোৱাৰ পিছত আজিৰ দিনটোৰ সন্ধিয়া ভাগত  পুনৰ ৫ জন লোক আক্ৰান্ত হৈছে। ইয়াকে লৈ জিলা খনত কৰ'নাত আক্ৰান্ত সংখ্যা  ২৮ জনলৈ বৃদ্ধি পায়। জিলাখনত নতুনকৈ আক্ৰান্ত হোৱা সকলৰ ভিতৰত আছে  আছাদুল হক(২০),মীৰাজুল ইছলাম(২০),চফিকুল ইছলাম (২২)। এই তিনিও জন বহিঃ ৰাজ্যৰ পৰা আহি বৰথল দলৈগাঁৱৰ কোৱাৰেন্টাইন কেন্দ্রত আছিল।এওঁলোকৰ ঘৰ হৈছে মৈৰাবাৰীৰ সমীপৰৱতী গৰিয়াবড়ীৰ গাঁৱৰ। তদুপৰি তাঁতিকটা পথাৰ  চোৱেইব বাহাৰ(২৩) আৰু চহৰীয়া গাঁৱৰ  চেলিম আহমেদ (২৩) এই লোক দুজন বহিঃৰাজ্যৰ পৰা আহি জাগীৰোডৰ কেন্দ্ৰীয় বিদ্যালয়ত থকা কোৱাৰেন্টাইন কেন্দ্রত আছিল বুলি জনাইছে মৰিগাঁও জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ডি পি এম জুফিন চুলতানাই। কভিড ৰোগীৰ বাবে জাগীৰোডস্থিত নগাঁও কাগজ কলৰ চিকিৎসালয় খন বৰ্তমানলৈকে সাজু হৈ নুঠাত মৰিগাঁও অসামৰিক চিকিৎসালয়ত স্থাপন কৰা আইছ'লেশ্যন কক্ষতে এই ৰোগীৰ সকলকো ৰাখিবলৈ প্ৰস্তুতি চলোৱা বিষয়ে জনা গৈছে।

Your Comments