গোলাঘাট জিলাত শতকৰ ঘৰত ক'ভিড পজিটিভ  

Pic

গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:

বৰ্হিৰাজ্যৰ পৰা অহা লোকে কঢ়িয়াই অনা ক'ভিড ভাইৰাছে গোলাঘাট জিলাত অতি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।সম্প্ৰতি কালি নিশাৰ ভাগত ১১০  ক'ভিড পজিটিভ ৰোগী চিনাক্ত হোৱাৰ পিছত পুনৰ পুৱাৰ ভাগত আৰু ৬ জন লোকৰ দেহত ধৰা পৰিছে মৰাত্মক ক'ভিড ভাইৰাছ।এই মুহূৰ্তত ১১৬ জন ক'ভিড ৰোগীৰ উপস্থিতি ধৰা পৰাত  ৰাজ্যৰ ভিতৰতে জিলাখন শীৰ্ষস্থানত অৱস্থিত হয়।

Pic

উল্লেখ্য যে মঙলবাৰে বিয়লি অহা তথ্য মতে চহৰখনৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ মেডিচিন বিভাগত চিকিৎসাধীন হৈ থকা এজন লোকৰ দেহতো ক'ভিড ভাইৰাছ পোৱাত সমগ্ৰ জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। মানসিক ভাৱে বিশেষ সক্ষম এই ৰোগীজনৰ সংস্পৰ্শলৈ অহা ৬ ডাক্তৰ-নাৰ্ছসহ  মুঠ ৪৮ জনক ইতিমধ্যে কোৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে। আজি পুৱা লাভ কৰা তথ্য অনুসৰি ক'ভিড পজিটিভ লোক কেইজন হৈছে ক্ৰমে ,কিশোৰাম বৰি (২২), ৰাজীৱ বৰি(২৭), অজয় লইং(২৩), নিপন লইং(২২), তীৰ্থনাথ শইকীয়া(২০) আৰু পাপু শইকীয়া(৩৫) । আটাইকেইজনকে কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত অৱস্থিত ক'ভিড হাস্পাতাললৈ স্থানান্তৰিত কৰা হৈছে। ইফালে বৰ্হিৰাজ্যৰ পৰা এইপৰ্যন্ত আৰু  অধিক লোক আহি আছে।তেনেক্ষেত্ৰত আগন্তুক দিনত জিলাখনত আৰু অধিক ক'ভিড পজিটিভ ৰোগী বঢ়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

Your Comments