মৃণাল ডেকা,শুৱালকুছি:
কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত ৮৭ নং বংশৰ গাওঁ পঞ্চায়তৰ বিভিন্ন ঠাইত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণত বংশৰ অঞ্চলৰ বিভিন্ন ঠাইত কৃত্ৰিম বানৰ সৃষ্টি হোৱাত যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ৷বৰষুণৰ পানীয়ে বংশৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদ,মাধৱপুৰ চ’ক - জল্টি দাস-নিজ বংশৰ সংযোগী পথটিৰ মাধৱপুৰ চ’ক,বংশৰ চাৰিআলিৰ চ’ক,বংশৰ ভৃঙ্গেশ্বৰ দেৱালয় পথ বৰষুণৰ পানী ওলাই যাব নোৱাৰত জলমগ্ন হৈ পৰে।একাংশ ব্যক্তিয়ে পদূলিৰ সম্মুখত থকা নলাসমূহ বন্ধ কৰি দিয়াত বৰষুণৰ পানী কোনোফালে ওলাই যাবলৈ নোৱাৰাত অঞ্চলটোত কৃত্ৰিম বানৰ সৃষ্টি কৰে।ইয়াৰ উপৰিও বংশৰ হাইস্কুল - গন্ধমৌ বড়ো চূপা সংযোগী পথটো এজাক বৰষুণ দিলেই একাঠু পৰ্যন্ত পানী জমা হয় ৷ যাৰ ফলত উক্ত পথৰে অহা-যোৱা কৰা ছাত্ৰ - ছাত্ৰী তথা সাধাৰণ ৰাইজে যমৰ যাতনাত ভুগিব লগা হৈছে।আনহাতে,বৃহত্তৰ অঞ্চলটোত জধেমধে চলোৱা নিৰ্মাণ কাৰ্য আৰু সুপৰিকল্পিত নলা নৰ্দমা,পানী নিষ্কাশনৰ অভাৱৰ বাবে প্ৰতিবছৰেই বংশৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদত বৰষুণৰ পানীয়ে কৃত্ৰিম বানৰ সৃষ্টি কৰে যাৰফল অঞ্চলবাসীয়ে জীয়াতু ভুগিব লগা হোৱা বুলি সচেতন ৰাইজে মত প্ৰকাশ কৰে।আনহাতে,একাংশ ব্যক্তিয়ে নলা-নৰ্দমাসমূহত জাবৰ-জোঁথৰ পেলাই নলাসমূহ কৰি পেলোৱাৰ লগতে একাংশ ব্যক্তিয়ে বৰষুণৰ পানী ওলাই যোৱা কালভাৰ্টৰ সম্মুখত বৃহৎ বৃহৎ পকীৰ দেৱাল দিয়াত বৰষুণৰ পানী ওলাই যাবলৈ নোৱাৰাত এই অঞ্চলসমূহত কৃত্ৰিম বানৰ সৃষ্টি হৈছে বুলি স্থানীয় সচেতন লোকে অভিযোগ কৰিছে।সময় থাকোতেই বৃহত্তৰ বংশৰ অঞ্চলত বিজ্ঞানসন্মত তথা সুপৰিকল্পিতভাৱে নলা -নৰ্দমা নিৰ্মাণ কৰিবলৈ ২ নং পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই স্থানীয় বিধায়ক ড° হিমন্ত বিশ্ব শৰ্মা তথা চৰকাৰক দাবী জনাইছে।
- Log in to post comments
- 35 views