নলবাৰীত 'গজালি'ৰ 'বসন্ত বিদায় সংখ্যা' উন্মোচন

Pic

নলবাৰীৰ পৰা হেমন্ত কলিতা:

দেশত চলি থকা 'লকডাউন'ৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ক্ষেত্ৰত বিশেষকৈ সংবাদপত্ৰ আৰু আলোচনীৰ ক্ষেত্ৰত আহি পৰা স্থবিৰতাৰ সময়তে ২৬ মে'ত নলবাৰীৰ সন্ধেলীস্থিত নিৰ্মিয়মান 'কবিতাৰ গ্ৰন্থাগাৰ'ত লকডাউনৰ নীতি-নিয়ম মানি অষ্টম বৰ্ষত খোজ দিয়া কাব্যালোচনী 'গজালি'ৰ 'বসন্ত বিদায় সংখ্যা'টো আনুষ্ঠানিকভাৱে উন্মোচন হোৱাৰ খবৰে নলবাৰীৰ বৌদ্ধিক মহলক আনন্দিত কৰি তুলিছে।গজালিৰ এই বিশেষ সংখ্যাটো উন্মোচন কৰি বিশিষ্ট প্ৰগতিবাদী কবি বিপুল কুমাৰ দত্তই কয় যে এই দু:সময়তো গজালিয়ে  বৌদ্ধিক সমাজলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।বিশেষকৈ নবীন কবিসকলক সৃষ্টি কৰ্মত ব্ৰতী হ'বলৈ এই প্ৰতিকূল সময়তো গজালিয়ে যি প্ৰেৰণা যোগাইছে,তাৰ বাবে সম্পাদক তথা প্ৰকাশক ধন্যবাদ পাত্ৰ।অনুষ্ঠানটোত গজালিৰ সম্পাদক শংকৰ শৰ্মা,অতিথি সম্পাদক প্ৰণৱ খাৰজাৰাৰ লগতে কবি কমল চন্দ্ৰ দাস, জয়চন্দ্ৰ শৰ্মা,জিতু মেধি আৰু হীৰক জ্যোতি দাস উপস্থিত থাকে।

Your Comments