বৃহত্তৰ শুৱালকুছি অঞ্চলত ধুমুহাত বিস্তৰ ক্ষতি 

Pic

মৃণাল ডেকা,শুৱালকুছি:

ৰাজ্যখনত নেৰানেপেৰা বৰষুণৰ চলি থকাৰ মাজতে  বুধবাৰে সন্ধিয়া প্ৰায় ৬ মান বজাত  অহা এজাক ধুমুহাত কামৰূপ জিলাৰ  হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত পূৱ বংশৰ অঞ্চলৰ শিঙিমাৰী , বংশৰ দদৰা,গন্ধমৌ আদি বিভিন্ন অঞ্চলত  বহু পৰিয়ালৰ  ঘৰ-দুৱাৰৰ লগতে বিভিন্ন ধৰণৰ মূল্যৱান গছ-গছনিৰ বিস্তৰ ক্ষতি সাধন হয় ৷ জানিব পৰামতে,সন্ধিয়া ৬ মান বজাত  অহা ধুমুহা জাকে গাঁৱৰ জনসাধাৰণক আতংকিত কৰি তোলে। মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে ধুমুহাই শিঙিমাৰী অঞ্চলৰ বহু দুখীয়া পৰিয়ালৰ ঘৰ ক্ষতি সাধন হোৱাৰ লগতে হাজো - গুৱাহাটী সংযোগী গড়কাপ্তানি পথটোত প্ৰকাণ্ড গছ উভালি পৰাত পথটোৰ যাতায়ত বন্ধ হৈ পৰে।

Pic

আনহাতে ,শুৱালকুছি - গুৱাহাটী গড়কাপ্তানি পথৰ  সমগ্ৰ পথছোৱাৰ প্ৰকাণ্ড  প্ৰকাণ্ড গছ উভালি পৰাত পথটো সম্পূৰ্ণৰূপে যাতায়াত ব্যাহত হৈ পৰে , পিছত স্থানীয় ৰাইজে পথটো যাতায়াত সুচল কৰি তোলে ৷ দামপুৰ চকমাৰ সাউদৰ বুৰিত কেইবাটাও পৰিয়ালৰ  ঘৰ-দুৱাৰ আৰু প্ৰকাণ্ড প্ৰকাণ্ড বিভিন্ন ধৰণৰ গছ-গছনি উভালি পৰে । প্ৰচণ্ড ধুমুহাই বহু পৰিয়ালৰ ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ লগতে উভালি পেলায় ৷ বংশৰ অঞ্চলতো ,বিদ্যুতৰ খুঁটা তাৰ ছিঙি বিস্তৰ ক্ষতি সাধন কৰে ধুমুহাৰ ফলত অঞ্চলটোত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে বিদ্যুত্‍ সেৱা। ক্ষতিগ্ৰস্ত পৰিয়াল সমূহক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিবলৈ ৰাইজে জিলা উপায়ুক্তক আহ্বান জনাইছে।
 

Your Comments