নলবাৰীত ক'ভিড-১৯ৰ বিৰুদ্ধে 'টীম নলবাৰী'ৰ অক্লান্ত সৈনিক উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰী

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

সমগ্ৰ ৰাজ্যত ক'ৰ'না ভাইৰাছ প্ৰতিৰোধৰ বাবে অক্লান্ত সেনাপতি হিচাপে পৰিচিত হৈ থকা স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে 
নলবাৰী জিলাতো সৰ্বসাধাৰণৰ মাজত অতি চিনাকি মানুহজন হৈছে জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰী।নিজৰ কৰ্মদক্ষতা- নিষ্ঠা আৰু সততাৰ বাবে সকলো শ্ৰেণীৰ নাগৰিকৰ মন জয় কৰিবলৈ সক্ষম হৈছে উপায়ুক্তগৰাকীয়ে।সম্প্ৰতি ৰাজ্য তথা নলবাৰী জিলাতো ক'ৰ'না ভাইৰাছৰ  সংক্ৰমণৰ  বাবে ৰাইজ আতংকিত হৈ থকাৰ সময়ত উপায়ুক্তগৰাকীৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে জিলাবাসীয়ে একেমুখে প্ৰশংসা কৰিছে। ২০১৯ চনৰ ১৭  জানুৱাৰীত শিল্পী দিৱসৰ দিনাই নলবাৰী জিলাৰ উপায়ুক্ত হিচাপে যোগদান কৰি দেৱচৌধুৰীয়ে জিলাবাসীক জিলা প্ৰশাসনক আস্থা আৰু বিশ্বাসত ৰাখিবলৈ আহ্বান জনাইছিল।তেতিয়াৰ পৰাই উপায়ুক্তগৰাকীয়ে জিলাখনত বৌদ্ধিক,ক্ৰীড়া,সাংস্কৃতিক,কৃষি মীন পালন আদি বিষয়ত অধিক গুৰুত্ব প্ৰদান কৰি জনসাধাৰণক উদ্বুদ্ধ কৰি তোলে।আনকি ক'ৰ'না ভাইৰাছৰ প্ৰতিৰোধৰ বাবে লকডাউনৰ সময়তো জিলাখনৰ বৌদ্ধিক সমাজৰ মাজত ইতিবাচক লিখনিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে।উপায়ুক্ত হিচাপে যোগদান কৰাৰ পিছৰে পৰাই ৰ'দ- বৰষুণ নেওচি জিলাখনৰ চৌদিশে ঘূৰি জিলাবাসীক চিন্তামুক্ত কৰি ৰখাৰ যত্ন অব্যাহত ৰাখিছে।শেহতীয়াকৈ ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জিলা উপায়ুক্তগৰাকীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।পুৱাৰ পৰা নিশালৈ জিলাখনৰ নলবাৰী ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ উপৰিও ঘগ্ৰাপাৰ, কমাৰকুছি, চামতা, মুকালমুৱা, আৰু টিহু খণ্ড প্ৰাথমিক  স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন চিকিৎসালয়ত উপস্থিত হৈ ক'ৰ'না ভাইৰাছৰ প্ৰতিৰোধৰ বাবে চিকিৎসক, নাৰ্ছ, স্বাস্থ্য কৰ্মী সকলোকে দেহে-কেহে নিঃস্বাৰ্থভাৱে কাম কৰিবলৈ আহ্বান জনাই আহিছে।আনকি, জিলাখনৰ আওহতীয়া ঠাইৰ লগতে চৰ অঞ্চলত উপস্থিত হৈ ৰাইজক ক'ৰ'না ভাইৰাছৰ প্ৰতিৰোধৰ বাবে সজাগ আৰু সচেতন হৈ থাকিবলৈ পৰামৰ্শ দি আহিছে। জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে এতিয়া নলবাৰীৰ প্ৰশাসনিক সেৱাৰ বিষয়া, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক,সমাজ-সচেতন ব্যক্তিক লৈ গঠিত 'টীম নলবাৰী' হিচাপে কাম কৰি ক'ভিড--১৯ ক প্ৰতিহত কৰিবলৈ যু্দ্ধংদেহী মনোভাৱৰে আগবাঢ়িবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে।এই যুঁঁজখনত জিলা আৰক্ষী প্ৰশাসনৰ লগতো এটা সৌহাদ্যপূৰ্ণ পৰিৱেশত কাম কৰি জিলাখনক আগবঢ়াই নিয়াত গুৰুত্ব দি আহিছে।ইফালে,সমাগত বানপানী ৰোধৰ বাবে জিলাখনৰ ভগ্ন মথাউৰি,গড়াখহনীয়া আদি পৰিদৰ্শন কৰি তাৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ প্ৰতি আহ্বান জনোৱাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিছে।এই গৰাকী প্ৰশাসনিক সেৱা বিষয়াই নলবাৰী জিলাখনৰ শ্ৰীবৃদ্ধিৰ প্ৰতি গ্ৰহণ কৰা পদক্ষেপৰ বাবে  জিলাবাসীয়ে সদায় মনত ৰাখিব।
 

Your Comments