দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
বিগত কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ দিয়াৰ ফলত নলবাৰী চহৰত কৃত্ৰিম বানৰ সৃষ্টি হোৱাত মঙলবাৰে ৫৯ নং নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাই পৰিস্থিতিৰ বুজ লয়।তেওঁঁ নলবাৰী জিলা প্ৰশাসনৰ লগত নলবাৰী চহৰৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰি বন্ধ হৈ থকা নলা- নৰ্দমাসমূূহ পৰিস্কাৰ কৰাৰ পদক্ষেপ ল'বলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।উল্লেখ্য যে নলবাৰী চহৰত একাংশ লোকে প্ৰকৃতিক নলা-জান অতিক্ৰম বন্ধ কৰি দিয়াত চহৰখনত কৃত্ৰিম বানৰ সৃষ্টি হ'বলৈ ধৰিছে।
- Log in to post comments
- 59 views