সোণাৰিৰ পৰা ঘন বৰা:
চৰাইদেউ জিলাৰ সোণাৰিৰ ক'ৰ'না আক্ৰান্ত ভাস্কৰ লাহনৰ পত্নী আৰু তেওঁৰ এবছৰীয়া শিশু পুত্ৰৰ শৰীৰতো ক'ভিড-১৯ পজিটিভ ৷ ৰাজ্যৰ শেহতীয়া ক'ভিড পজিটিভ তালিকাত থকা শিৱসাগৰ জিলাৰ ৩ জনৰ দুজনেই চৰাইদেউৰ।উল্লেখযোগ্য যে ভাস্কৰৰ পৰিয়াল বাছেৰে হাৰিয়ানাৰ গুড়গাঁঁৱৰ পৰা ১৯/০৫/২০২০ তাৰিখে আহিছিল৷ভাস্কৰ লাহনৰ শৰীৰত ক'ভিড-১৯ পজিটিভ পোৱাৰ পিছতে ভাস্কৰৰ পত্নী মায়া লাহন(২৯) আৰু শিশু পুত্ৰ ৰিয়ান লাহনৰ(১) শৰীৰত ক'ভিড-১৯ পজিটিভ পোৱা গৈছে। ভাস্কৰৰ পত্নী আৰু পুত্ৰ দুয়োগৰাকীক সোণাৰিৰ সাপেখাতী আদৰ্শ চিকিৎসালয়ত আইছ'লেচন চেণ্টাৰত ৰখা হৈছিল।কিন্তু ভাস্কৰৰ পত্নী মায়া লাহন আৰু এবছৰীয়া পুত্ৰ ৰিয়ান লাহনৰ দেহত ক'ৰ'না পজিটিভ ওলোৱাত সোমবাৰে নিশাই ডিব্ৰুগড়লৈ স্থানান্তৰ কৰে।
- Log in to post comments
- 30 views