হাজোৰ পৰা কমলাকান্ত দাস:
যোবা ২২ মে'ত হাজোৰ ৩নং মনাহকুছিত সংঘটিত হোৱা এটা সাধাৰণ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি হাজোৰ তেতেলীয়াৰ পাচলি ব্যৱসায়ী সনাতন ডেকাক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগত অভিযুক্তসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত সোমবাৰে স্থানীয় ৰাইজৰ লগতে বজৰং দলৰ নেতা-কৰ্মীসকলে হাজো থানা চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।অৱশ্যে দুজন অভিযুক্তক আজি পুৱতি নিশা হাজো আৰক্ষীয়ে কমলপুৰৰ আঠগাঁঁওৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও বাকী দুগৰাকী বৰ্তমান পলাতক হৈ আছে।ইফালে,সনাতনৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত অভিযুক্ত আন দুগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে তদন্তত হেমাহিৰ অভিযোগ কৰি আজি দুপৰীয়া বজৰং দলৰ নেতা-কৰ্মী আৰু শতাধিক স্থানীয় ৰাইজ হাজো থানাত উপস্থিত হৈ অসম আৰক্ষী মুৰ্দাবাদ,হাজো আৰক্ষী মুৰ্দাবাদ,সনাতনৰ হত্যাকাৰীক ফাঁঁচী দিয়ক,সনাতন হত্যাৰ ন্যায় লাগে,উচিত বিচাৰ কৰক আদি ধ্বনিৰে হাজো থানা চৌহদ উত্তাল কৰি তোলে।পিছত আৰক্ষীয়ে হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ আশ্বাস প্ৰদান কৰাত থানা চৌহদৰ পৰা আতৰি যায় ।ইফালে আজি পুৱতি নিশা আঠগাঁঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হাজোৰ বৰম্বৈ মোখনীয়াৰ অগপ নেতা তথা হাজোৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীৰ পৰা ৰে'ল বিভাগত চাকৰিৰ প্ৰলোভন দিয়া হবিবৰ ৰহমানৰ ভাতৃ তথা অভিযুক্ত ফাইজুল হক এগৰাকী ৰেল বিভাগৰ কৰ্মচাৰী আৰু আন গৰাকী অভিযুক্ত হ'ল ইউচুপউদ্দিন আলী।অইন দুগৰাকী অভিযুক্ত আব্দুল জলিল আৰু খবিৰুদ্দিন আহমেদ বৰ্তমানেও পলাতক অৱস্থাত আছে।ইফালে আজি বিয়লি কামৰূপৰ আৰক্ষী অধীক্ষক পাৰ্থসাৰথি মহন্ত হাজো থানাত উপস্থিত হৈ সনাতন ডেকাৰ হত্যাৰ তদন্ত ক্ষীপ্ৰতাৰে চলিছে আৰু এই হত্যাৰ সৈতে জড়িতসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে।অধীক্ষকগৰাকীৰ সৈতে অতিৰিক্ত অধীক্ষক সঞ্জীৱ শইকীয়া, মহকুমা আৰক্ষী বিষয়া কংকণজ্যোতি নাথ উপস্থিত থাকে।
আনহাতে আজি বিয়লি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ চন্ৰ দাস,কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতা সনাতন ডেকাৰ ঘৰলৈ গৈ পৰিয়ালটোক সান্ত্বনা দিয়ে।পিছত 'আছু'ৰ দলটোৱে হাজোৰ চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি দাসক সাক্ষাৎ কৰি বাকী পলাতক কেইজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰিবলৈ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
- Log in to post comments
- 20 views