গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:
পুনৰ গোলাঘাটত কৰ'না পজিটিভ ৰোগীৰ উপস্থিতিয়ে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে।বৰ্তমান বৰ্হিৰাজ্যৰ পৰা অহা ১৮ জনৰ দেহত ক'ভিড - ১৯ মহামাৰীৰ উপস্থিতি ধৰা পৰিছে।সোমবাৰে পুৱাই জিলা প্ৰশাসনৰ তৰফৰ পৰা এই কথা সদৰি কৰে।তথ্য অনুসৰি ১৮ জনৰ ১০ জনেই মেৰাপানী অঞ্চলৰ।তেওঁলোক হৈছে ক্ৰমে বন্তি সোনোৱাল (৪২)মেৰাপানী, দেৱজিৎ চেতিয়া(২০)মেৰাপানী, বিশাল বিশ্বকৰ্মা (২৫) চিচুপানী, লক্ষী দাস (৩৫) নলনীপথাৰ , লোকেশ্বৰ দাস(২২) নলনীপথাৰ,নিতুমনি দাস (১৯)নলনীপথাৰ,বিশ্বজিৎ কৰ্মকাৰ (২৩) মেৰাপানী, বিটু দলে( ২২) মেৰাপানী,পৰী চুতীয়া (২৩) মেৰাপানী, ডনজয় সোনাৰী (২৪) মেৰাপানী, বিতুপন সোনোৱাল (২৪) মেৰাপানী, হৰি প্ৰসাদ বৰুৱা(৩১)মেৰাপানী, দৌকণ চুতীয়া (২৪) কাছমাৰী, মানসী বৰা ( ২১) মদুপুৰ ,ফজল পেগু (২৩) গমাৰী,যদুমনি বৰুৱা(২৭) কাছমাৰী,দীপক গগৈ (৩৩) মেৰাপানী, বুদ্ধেশ্বৰ ৰবিদাস(৩১) মেৰাপানী । এই সকলো কেইজন গোলাঘাট চহৰৰ মহেশ্বৰী বিবাহ ভৱনত কোৱাৰেন্টাইনত আছিল যদিও আজি তেওঁলোকক শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত স্থাপন কৰা ক'ভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
- Log in to post comments
- 20 views