বঙাইগাঁৱৰ প্ৰতিবেদক:
ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত চৰকাৰে বলৱৎ কৰা লকডাউনৰ নীতিৰ প্ৰতি অভূতপূর্বভাৱে সঁহাৰি জনাই বঙাইগাঁৱৰ মুছলমান সম্প্রদায়ৰ জনগণে সোমবাৰে ঈদুল ফিতৰৰ নামাজ নিজ নিজ ঘৰতে আদায় কৰে।উল্লেখ্য যে ত্যাগ আৰু আত্মসংযমেৰে এমাহ ৰমজানৰ ৰোজা পালন কৰাৰ অন্তত সোমবাৰৰ পুৱাৰ ভাগত ঈদুল ফিতৰৰ নামাজ আদায় কৰি পৰম আল্লাহ তায়ালাৰ ওচৰত প্ৰাৰ্থনা কৰে। তেওঁলোকে লগতে বিশ্বত শান্তি প্ৰতিষ্ঠা,ক'ৰ'না মহামাৰীৰ পৰা মানৱ সমাজক ৰক্ষা কৰাৰ বাবেও আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনায়।ইফালে,লকডাউনৰ মাজতে উদযাপন কৰা ঈদুল ফিতৰ উপলক্ষে লোকসকলে নিজ নিজ ঘৰত তেওঁলোকৰ সামৰ্থ অনুসৰি পায়স,চেৱাই,পিঠা-পনা,খিচিৰি আদি ব্যঞ্জন প্ৰস্তুত কৰে।
- Log in to post comments
- 32 views