দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আল্লিয়া মিলন বজাৰত নোনা নৈৰ ওপৰত থকা নিম্নমানৰ কাঠৰ দলং ভাঙি পৰিল এখন বাহন।উল্লেখ্য যে শনিবাৰে মালবাহী টাটা জেনন AS01 L C 1163 নম্বৰৰ বাহনখনে বৰপেটা জিলাৰ মন্দিয়াৰ পৰা ৰঙালাউ কঢ়িয়াই আনিছিল আল্লিয়াৰ মিলন বজাৰলৈ।কিন্তু মিলন বজাৰৰ গড়গৰীত নোনা নৈত নিৰ্মাণ কৰা নতুন কাঠৰ দলং ভাঙি বাহনখন নৈত পৰে।এই ক্ষেত্ৰত বাহনখনৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে চালকজন কথমপি ৰক্ষা পৰে।
উল্লেখযোগ্য যে উক্ত নৈত গুৱাহাটীৰ কুশল বেজবৰুৱা নামৰএজন ঠিকাদাৰে প্ৰায় এবছৰ পূৰ্বে এখন পকী দলঙৰ কাম আৰম্ভ কৰিছিল কিন্তু আজিও দলংখনৰ বিশ শতাংশ
কাম নোহোৱাত আজিৰে পৰা চাৰিমাহ মান আগতে উপ-দলং হিচাপে এই কাঠৰ দলং নিৰ্মাণ কৰিছিল।স্থানীয় আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুন দাসে আৰু ৰাইজে অভিযোগ কৰা মতে দলংখন একেবাৰে নিম্নমানৰ কাঠৰে তৈয়াৰ কৰিছিল,যাৰ বাবে আজি দলং ভাঙি দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে।আনহাতে,দলংখনৰ দুয়ো মূৰে কোনো সতৰ্কতাৰ ফলক আঁঁৰি দিয়া নাছিল।যিটো কাৰণে এদিনীয়া গাড়ীচালক দলঙৰ বহন ক্ষমতাৰ কথা জ্ঞাত নহয় বুলি আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাই ক্ষোভ প্ৰকাশ কৰিছে।লগতে,পথছোৱাৰ লেহেমীয়া কাম আৰু পকী দলংখনৰ নিৰ্মাণ-কাৰ্য শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে।লগতে, ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে ৰাজ্যৰ গড়কাপ্তানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ব্যৱস্থা ল'বলৈও ৰাইজে দাবী জনাইছে।
- Log in to post comments
- 128 views