দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰীত দুজনৰ শৰীৰত পুনৰ শনিবাৰে ধৰা পৰিছে ক'ভিড -১৯ পজিটিভ।এই যুৱক দুজন হ’ল ক্ৰমে ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বুৰবুৰী গাঁৱৰ পুতুল আলী আৰু পৈছৰা গাঁৱৰ ইমৰাণ আলী।তেওঁলোক যোৱা ২০ মে'ত ৰেল যোগে উত্তৰপ্ৰদেশৰ পৰা আহিছিল তেওঁলোকে উত্তৰ প্ৰদেশৰ এটা কোম্পানীত শ্ৰমিক হিচাপে কাম কৰি আছিল।দুয়োগৰাকী যুৱক বহিঃৰাজ্যৰ পৰা যোৱা ২০ মে'ত অহাৰ পিছত তেওঁলোকক নলবাৰীৰ বানেকুছি জৱাহৰ নৱোদয় বিদ্যালয়ৰ কোৱাৰেন্টাইন চেন্টাৰত ৰখা হৈছিল৷উল্লেখযোগ্য,ইয়াৰ পূৰ্বে তবলিগী জামাতত অংশ লোৱা চাৰিগৰাকী উত্তৰ প্ৰদেশৰ লোক নলবাৰীত আশ্ৰয় লৈ থকাৰ মুহূৰ্তত তেওঁলোকৰ শৰীৰতো ক'ভিড -১৯ পজিটিভ ধৰাৰ লগতে যোৱা ১৯ মে'তো বহিঃৰাজ্যত কাম কৰা দুগৰাকী যুৱকৰ দেহত ক'ৰনা পজেটিভ পাইছিল।যাক লৈ এতিয়া সমগ্র নলবাৰী জিলাৰ লগতে বৃহত্তৰ ঘগ্ৰাপাৰতো ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে।
- Log in to post comments
- 95 views