নৰেন শৰ্মা,বাহাৰঘাট:
কেইবাদিনো ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ বাবে বৰলীয়া নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি হ'বলৈ ধৰিছে৷নৈখনৰ জলপৃষ্ঠ ফেনেফুটুকাৰে বাঢ়ি অহাত শনিবাৰে দিনৰ ভাগত চমুখাঘাটৰ বাঁঁহৰ দলংখন উটুৱাই নি যোগাযোগ বিছিন্ন কৰি দিয়ে৷উল্লেখ্য যে কামৰূপ আৰু নলবাৰী জিলা সংযোগী উক্ত ঘাটটোৰ কাঠৰ দলংখন বছৰে বছৰে মেৰামতি কৰাৰ পিচতে বাঢ়নী পানীয়ে উটুৱাই নি ৰাইজক জীয়াতু ভোগাই আহিছে৷এইবেলিও যোৱাবেলি উটুৱাই নিয়া দলংখনৰ ভগ্নাংশ মেৰামতিৰ কাম আৰম্ভ কৰিছিল যদিও বৰ্তমান দেশত অব্যাহত থকা তলাবন্ধৰ হেতু কামৰ গতি মন্থৰ হৈছে৷আনহাতে অতিপাত গুৰুত্বপূৰ্ণ ঘাটটোৰ পকী দলংখনৰ পূব মূৰটো সম্পূৰ্ণ হোৱাৰ বিপৰীতে পশ্চিম মূৰটো অভিশপ্ত হৈয়ে থাকিল৷মন কৰিবলগীয়া যে দলংখন অবিহনে ৰাইজে যাতায়তত যথেষ্ট অসুবিধা ভোগ কৰিছে৷
- Log in to post comments
- 11 views