লকডাউনত সোণাৰিৰ যুৱক উৰিষ্যাৰ পৰা হায়দৰাবাদলৈ যোৱা অৱস্থাত নিৰুদিষ্ট:উদ্ধাৰ কৰিবলৈ আহ্বান

Pic

সোণাৰিৰ পৰা ঘন বৰা:

মহামাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্র দেশত লকডাউন হোৱাৰ পৰিপ্ৰেক্ষিতত অসমৰ বিভিন্ন জিলাৰ যুৱক দেশৰ বিভিন্ন ৰাজ্যত কাম কৰিবলৈ গৈ আৱদ্ধ হৈ পৰিছে।অৱশ্যে একাংশ যুৱক-যুৱতী ৰাজ্য চৰকাৰৰ তৎপৰতাত নিজৰ জিলালৈ আহিবলৈ সক্ষম হৈছে।কিন্তু একাংশ যুৱকে ভাৰতৰ বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকাৰ লগতে ৰাজ্য চৰকাৰে দিয়া হেল্পলাইন নম্বৰত যোগাযোগ কৰিবলৈ নোৱাৰাত বিমোৰত পৰিছে।চৰাইদেউ জিলাৰ সোণাৰিৰ আৰক্ষী থানাৰ অন্তৰ্গত লুখুৰাখন গাঁৱৰ বাপুকন গগৈ আৰু গুণেশ্বৰী গগৈৰ পুত্ৰ শৰৎ গগৈ(১৯)তিনিদিন ধৰি  উৰিষ্যাৰ পৰা হায়দৰাবাদলৈ যোৱা অৱস্থাত ঘৰৰ পৰিয়ালৰ লগত যোগাযোগ বিছিন্ন হৈ পৰিছে।উল্লেখ্য যে শৰৎ গগৈয়ে প্ৰথমাৱস্থাত পাঁচমাহ ধৰি হায়দৰাবাদলৈ গৈ কাম কৰি অন্ধ্ৰ প্ৰদেশলৈ গৈ তাত অলপ দিন কাম কৰাৰ পিছতে দেশজুৰি ক'ৰ'নাৰ ভয়াৱহতাৰ বাবে লকডাউন হোৱাত কাম বন্ধ হৈ পৰে।অন্ধপ্ৰদেশৰ পৰা বিশেষ ৰে'লেৰে ঘৰলৈ বুলি আহে যদিও ৰেলখন উৰিষ্যালৈকে আহে বুলি যুৱকজনে পৰিয়ালক অৱগত কৰাৰ লগতে উৰিষ্যাৰ এখন দোকানৰ পৰা মাক-দেউতাকলৈ ফোন কৰি  উদ্ধাৰ কৰিবলৈ আহবান জনায়।ইফালে, পৰিয়ালৰ লোকে সোণাৰিৰ আৰক্ষীৰ থানাত যুৱকজন সন্দৰ্ভত অৱগত কৰাৰ লগতে ৮৮১২৮৬৭২২২,৬০০২২০১১৫৭ নম্বৰত যুৱকজনৰ সম্ভেদ পালে যোগাযোগ কৰিবলৈ পৰিয়ালে আহবান জনাইছে।

Your Comments