উৰুখা পঁজাত নলবাৰীৰ কাৰুশিল্পী ৰবীন্দ্ৰ মেধিৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে ঐতিহ্যমণ্ডিত 'গুৰু আসন':চৰকাৰক সহায়ৰ দাবী আছু,যুৱ-ছাত্ৰ পৰিষদৰ

Pic

ঘগ্ৰাপাৰৰ পৰা দ্বিজেন ডেকা:

নলবাৰী জিলাৰ অন্তৰ্গত আদৰ্শ গাঁও সাহপুৰত জন্ম ৰবীন্দ্ৰ মেধিৰ।এটি উৰুখা পঁজাৰ তলত থাকে তেওঁ।ৰ'দ-বতাহ-বৰষুণক বাধা দিব পৰা শক্তি নাই ঘৰটোৰ।তাতেই পত্নী আৰু দুই পুত্ৰ সন্তানৰ লগত নিৰ্ভয়ে বাস কৰি আছে।পোৱা-নোপোৱাক লৈ তেওঁ বেছি চিন্তিত নহয়।দুবেলা-দুসাঁঁজ কিবাকৈ খাই থাকিব পাৰিলেই তেওঁৰ বাবে যথেষ্ট।ইয়াৰ বাহিৰে তেওঁৰ অন্য উপায়ো নাই।এই লৈ তেওঁৰ কাৰো প্ৰতি ক্ষোভ নাই আক্ষেপ নাই।সহজ-সৰলভাৱেই গ্ৰহণ কৰি আছে সকলো।কিন্তু সেই উৰুখা পঁজাটোত যিটো আনন্দৰে তেওঁ বসবাস কৰি আছে,সেই আনন্দ হয়তো বহুত টকা-পইচা উপাৰ্জন কৰা ব্যক্তিয়েও পাবলৈ সক্ষম হোৱা নাই।কাৰণ,সেই ঘৰটোত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰ্হিত বছৰ বছৰ শ্ৰম কৰি সাজি উলিয়াইছে চালে চকুৰোৱা গুৰু আসন।

Pic

শুকান ৰস নোহোৱা কাঠত প্ৰাণ দি তেওঁ ইখনৰ পিছত সিখন গুৰু আসন তৈয়াৰ কৰি গৈ আছে।বহুত কষ্ট আৰু ত্যাগৰ বিনিময়ত দিন-ৰাতি একাকাৰ কৰি তৈয়াৰ কৰি থকা গুৰু আসনত ব্যৱসায়িক লাভালাভৰ কথা সমূলি চিন্তা নকৰি ভগৱানৰ আসনখন অতি  নিষ্ঠাসহকাৰে সৃষ্টি কৰি গৈ আছে।কিন্তু হঠাৎ বিশ্বব্যাপি ক'ৰ'না ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে (লকডাউন) তলাবন্ধ কাৰ্য্যসূচী হাতত ল'বলৈ বাধ্য হৈ পৰাত তেওঁৰ লগতে পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে।শিল্পী মনৰ মানুহ,বৰ বেছি উচ্চ আকাংক্ষা নাই যদিও জীয়াই থাকিবলৈ খোৱাৰ বাবেও যেন তেওঁৰ বহুত কষ্ট হৈছে।এই দুৰ্যোগৰ সময়ত তেওঁৰ ওচৰত সাহস আৰু প্ৰেৰণা দিবলৈও কোনো নাই। কাক ক'ব,কোনে শুনিব ৰবীন্দ্ৰ মেধিৰ দুখৰ বেদনা।কেইবাখনো গুৰু আসন ঘৰতে তৈয়াৰ কৰি থোৱা হৈছে যদিও এই দুৰ্যোগৰ সময়ত কোনেও বৰ্তমান সময়ত নিবলৈ অহা নাই।যাৰ ফলত তেওঁ দিশহাৰা হৈ পৰিছে বুলি সংবাদ মাধ্যমক জনায়।বাঁঁহ-বেতৰ কামেই এই গাঁওখনৰ প্ৰথম আৰু প্ৰধান চিনাকি।গতিকে,ৰবীন্দ্ৰ মেধিয়ে সৰুৰে পৰাই পাই আহিছিল বাঁঁহ-বেতৰ শিল্প নিৰ্মাণৰ পৰিৱেশ।অভাৱ-অনাটনৰ মাজেদি ডাঙৰ হোৱা ৰবীন্দ্ৰ মেধিয়ে প্ৰথম অৱস্থাত বাঁঁহ-বেতৰ অত্যাৱশ্যকীয় সামগ্ৰীসমূহ তৈয়াৰ কৰিয়েই জীৱন নিৰ্বাহ কৰিছিল। তেওঁ সৃষ্টি কৰা বাঁঁহ-বেতৰ সামগ্ৰীবোৰে এক বিশেষ চাহিদা লাভ কৰিবলৈ সক্ষম হৈছিল।

Pic

দৰাচলতে কোনো প্ৰশিক্ষণ নোহোৱাকৈ সৃষ্টি কৰা সামগ্ৰীসমূহ আছিল অন্যান্য একক। ইয়াৰ পিচত কলাৰ প্ৰতি থকা প্ৰৱল ধাউতিৰ বাবেই  তেওঁৰ হাতেৰে সৃষ্টি হৈছিল বিভিন্ন ছবি, মাটিৰ উৎকৃষ্ট মানৰ  মূূৰ্তি,বিভিন্নজনৰ পাছপোৰ্ট, প্ৰাচীৰ পত্ৰিকা,বিভিন্ন আলোচনীৰ বেটুপাত,স্কেচ, বিভিন্ন ব্লক ইত্যাদি।কলেজত পঢ়াৰ পিছৰে পৰা তেওঁৰ মন-মগজু পূৰঠ হ'বলৈ ধৰে আৰু সেই সময়তে কাৰু শিল্পী সত্যেন্দ্ৰ কলিতাৰ সান্নিধ্যই তেওঁৰ জীৱনৰ গতিপথ সলনি কৰে বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে। কাঠৰ নিত্য-নতুন সামগ্ৰীৰ উপৰিও গুৰু আসন তৈয়াৰ কৰি ৰাইজৰ পৰা আদৰ সন্মান পাবলৈ সক্ষম হয়।ইতিমধ্যে পূব নলবাৰী অঞ্চলৰ বিভিন্ন নামঘৰত,অসমৰ বিভিন্ন জিলাত,বিভিন্ন গাঁওত ৰবীন্দ্ৰ মেধিৰ হাতৰ পৰশত প্ৰাণ পোৱা গুৰু আসনে জেউতি চৰাইছে।এনেদৰে খুব কম দিনৰ ভিতৰতে ৰবীন্দ্ৰ মেধি হৈ পৰিল সকলোৰে আদৰৰ কাৰু শিল্পী।ৰবীন্দ্ৰ মেধিৰ সময়ৰ বৰ অভাৱ।ইয়াৰ মাজতে তেওঁ কবিতা,গল্প লিখিও সাহিত্যৰ পথাৰ চহকী কৰিছে।তেওঁ লগতে ইয়াকো কয় যে অভাৱে প্ৰতিভাক বাধা দিব নোৱাৰে যদিও পৰিকল্পনাবোৰ বাস্তৱত ৰূপ দিবলৈ অভাৱেই প্ৰধান অন্তৰায়।চৰকাৰৰ পৰা সহায় পালে গ্ৰামোঞ্চলৰ শিল্পকলায়ো যথেষ্ট উন্নতি কৰিব বুলি ৰবীন্দ্ৰ মেধিয়ে আশা প্ৰকাশ কৰে। ৪২ বছৰীয়া ৰবীন্দ্ৰ মেধিয়ে সমাজক আৰু বহুত কিবাকিবি দিবলৈ বাকী আছে যদিও অৰ্থৰ অভাৱৰ বাবেই  পৰিকল্পনাবিলাকক বাস্তৱত ৰূপ দিবলৈ সক্ষম হোৱা নাই বুুলি জনায়। বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজেদি তেওঁ আজিও কাৰুশিল্পক জীয়াই ৰাখিবলৈ অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে।ইয়াৰ বাহিৰে তেওঁ অইন কথা চিন্তাই কৰিব নোৱাৰে বুলিও সদৰি কৰে।ইফালেসদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে ৰবীন্দ্ৰ মেধিৰ শিল্পসত্বাক জীয়াই ৰাখিবলৈ আৰ্থিক  সাহায্য প্ৰদানকৰিবলৈ দাবী জনায়।  


প্ৰেৰক --দ্বিজেন ডেকা।ঘগ্ৰাপাৰ।২০/৫/২০.

Your Comments