হাজোৰ পৰা কমলাকান্ত দাস:
অসম চৰকাৰৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য,জনসম্পৰ্কৰক্ষী বিষয়া শৈলেন্দ্ৰ পাণ্ডেৰ উদ্যোগত আৰু লাহ-শিলগুৰি আঞ্চলিক কৰ্মচাৰী সন্থাৰ সহযোগত বুধবাৰে বামুন্দীৰ বিভিন্ন ঠাইত হেণ্ড ছেনিটাইজাৰ বিতৰণ কৰে।অসম চৰকাৰৰ আবকাৰী বিভাগে ক'ভিড-১৯ ক'ৰ'না ভাইৰাছৰ বিৰুদ্ধে চলাই থকা অভিযানৰ অংশ হিচাপে বামুন্দী অঞ্চলৰ বেঙ্ক,পশ্চিম বংশৰ গাঁও পঞ্চায়ত সমবায় সমিতি,ভুৱন গ্ৰামীন গেছ এজেঞ্চি,চিকিৎসালয়,দোকান-পোহাৰৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত হেণ্ড ছেনিটাইজাৰ বিতৰণ কৰে।ছেনিটাইজাৰ বিতৰণ অনুষ্ঠানত লাহ-শিলগুৰি আঞ্চলিক কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক ৰাজেশ কলিতাৰ লগতে গিৰিন্দ্ৰ কলিতা, দীপক শালৈৰ লগতে সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে।উল্লেখ্য যে ক'ৰ'না ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে দেশত চতুৰ্থ পৰ্যায়ৰ লকডাউন চলি থকাৰ সময়ত আবকাৰী বিভাগে গ্ৰহণ কৰা এনে পদক্ষেপৰ অঞ্চলটোৰ ৰাইজে শলাগ লৈছে।
- Log in to post comments
- 15 views