কামৰূপৰ বৃহত্তৰ শুৱালকুছি অঞ্চলত নিষিদ্ধ গুটখাৰ মুকলি বেহা

মৃণাল ডেকা,শুৱালকুছি:

ৰাজ্য চৰকাৰৰ খাদ্য সুৰক্ষা
বিভাগে লকডাউনৰ আৰম্ভণিতে  জাৰি কৰা এটা নিৰ্দেশনা যোগে ৰাজ্যত গুটখা আৰু পাণ মছলাৰ বিক্ৰীত  নিষেধাজ্ঞা জাৰি কৰিছিল‌।আনহাতে,ক'ভিড-১৯ মহামাৰীৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ধোঁঁৱাযুক্ত আৰু ধোঁৱাবিহীন ‌ধঁপাত,গুটখা-পাণ মচলাৰ বিক্ৰী বন্ধ কৰিবৰ বাবে কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে।কিন্তু,চৰকাৰৰ এই  নিৰ্দেশনাক অৱমাননা কৰি কামৰূপ জিলাৰ বস্ত্ৰনগৰী শুৱালকুছি আৰু ইয়াৰ দাঁঁতিকাষৰীয়া অঞ্চল , বংশৰ,গন্ধমৌ,শিঙিমাৰী,দদৰা,পছৰীয়া,বাথান,শ্ৰীহাটী আদি অঞ্চলত একাংশ অসাধু ব্যৱসায়ীয়ে গোপনে অত্যধিক দামত গুটখা-পাণ মচলা বিক্ৰী কৰি অহাৰ অভিযোগ  উত্থাপন হৈছে।অঞ্চলটোৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ পৰা পোৱা তথ্য অনুযায়ী লকডাউনৰ পূৰ্বে শিখৰ পাণ মচলাৰ পাইকাৰী মূল্য আছিল ১৯০ টকা।বৰ্তমান এই মূল্য  ৫২০ টকালৈ বৃদ্ধি পাইছে।লগতে,অন্য গুটখাবিলাকৰ পাইকাৰী দামো ৩০০ শতাংশলৈ বৃদ্ধি হৈছে।ইয়াৰ উপৰিও চাধাৰ দাম,চিগাৰেটৰ দামো ২০০ শতাংশকৈ বৃদ্ধি পাইছে।বিষেশকৈ অঞ্চলটোত একাংশ পাইকাৰী ব্যৱসায়ীয়ে জমা কৰি থোৱা গুটখা তিনিগুণ দামত বিক্ৰী কৰি আহিছে। শজানিব পৰা মতে দহ টকীয়া 'কমলা পচন্দ' গুটখা।ত্ৰিশ টকাৰ পৰা ছল্লিশ টকাত বিক্ৰী হৈছে।সেই দৰে শিখৰ, ছিগনেছাৰ,তলবৰ দৰে বিষাক্ত গুটখা তিনিগুণ-চাৰিগুণ চ'ৰা দামত বিক্ৰী কৰিছে ব্যৱসায়ী চক্ৰটোৱে।ইফালে, লকডাউনৰ সুযোগ লৈ এই ব্যৱসায়ী চক্ৰটোৱে অঞ্চলটোৰ বিভিন্ন ঠাইত অধিক দামত কমলা পচন্দ,শিখৰ,ছিগনেছাৰ আদি গুটখাৰ পেকেট গোপনে সৰবৰাহ কৰি আহিছে। আৰক্ষীৰ চকুত ধুলি মাৰি গুটখাৰ পেকেটসমূহ কণীৰ কাৰ্টুন,পানীৰ কাৰ্টুন নাইবা অন্য সামগ্ৰী অনা কাৰ্টুনত গোপনে ভৰাই আনি অবৈধভাৱে দৈনিক সৰবৰাহ কৰি আহিছে ব্যৱসায়ী চক্ৰটোৱে।
 

Your Comments