শেহতীয়াভাৱে ৰাজ্যত ক'ভিড-১৯ আক্রান্ত হোৱাৰ বৰ্ধিত ঘটনাই চিন্তিত কৰি তোলাৰ সময়তে আহিছে এটা ভাল খবৰ।বুধবাৰৰ দিনটোত ৭গৰাকীকৈ ক'ৰ'না আক্রান্ত সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ গৈছে।এই কথা টুইটাৰৰ জড়িয়তে সদৰি কৰিলে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।সুস্থ হৈ উঠা ৭গৰাকীৰ আক্রান্ত ভিতৰত আছে গুৱাহাটী জিএমচিএইচৰ কনিষ্ঠ চিকিৎসক ডঃ লিথিকেশ।ইয়াৰ উপৰিও দুজনক যোৰহাট মেডিকেল কলেজ আৰু চাৰিজনক শিলচৰ মেডিকেল কলেজ চিকিৎসালয়ৰ পৰা দিয়া হয় ৰিলিজ।
উল্লেখ যে ৰাজ্যত মুঠ ৪৮গৰাকী আক্রান্ত সুস্থ হৈছে।৪জনৰ মৃত্যু হৈছে।চিকিৎসালয়ত আছে ১০২জন।মুঠ আক্রান্ত হৈছে ১৫৭জন।
- Log in to post comments
- 29 views