দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
সমগ্ৰ দেশ তথা ৰাজ্যত বলৱৎ হৈ থকা তলাবন্ধ(লকডাউনৰ)ৰ ফলত দৈনিক উপাৰ্জনকাৰীসকলৰ আলাই -আথানি নোহোৱাৰ সমান্তৰালভাৱে সাধাৰণ শ্ৰমজীৱী তথা ক্ষুদ্ৰ ব্যৱসায়ীসকলক সম্প্ৰতি পৰিয়ালৰ ভৰণ-পোষণৰ সমস্যাই বিপদত পেলাইছে।বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায় কৰি পৰিয়াল চলাই থকাসকলৰ ব্যৱসায় বন্ধ হোৱাত পানীত হাঁহ নচৰা অৱস্থা হৈছে। ঠিক সেই সময়তে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই মঙলবাৰে ঘগ্ৰাপাৰ,দতৰা আৰু দেহাৰকুছি একাংশ ক্ষুদ্ৰ ব্যৱসায় তথা ভাৰতীয় জনতা পাৰ্টী আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰাক্তন স্বয়ংসেৱককো আৰ্থিক সাহায্য প্ৰদান কৰে। বিধায়কগৰাকীয়ে সাহায্য প্ৰদান কৰাসকলৰ ভিতৰত ক্ষুদ্ৰ ব্যৱসায়ী ক্ৰমে-ঘগ্ৰাপাৰৰ শৰৎ হালৈ,লাৱন্য দাস,নাৰপাৰাৰ অমৃত কলিতা , বৰ ধনৰাৰ ৰবীন শৰ্মা,চতমাৰ পংকজ শৰ্মা আৰু দেহাৰকুছিৰ প্ৰণতি দেৱীক আৰ্থিক সাহায্য প্ৰদান কৰে।আনহাতে,বিধায়ক শৰ্মাই বড়িগোগ বনভাগ মণ্ডলৰ প্ৰাক্তন সভাপতি জিতেন শৰ্মাৰ
গৃহত উপস্থিত হৈ জ্যোষ্ঠ নেতাগৰাকীৰ স্বাস্থ্যৰ বুজ লয়।বিধায়ক শৰ্মাৰ এই আৰ্থিক সাহায্য প্ৰদান কৰা কাৰ্যত সংগ দিয়ে ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,সম্পাদক মনোজ ডেকা,বুবুল দাস , জিলা সম্পাদক দ্বীপেন কলিতা,পঞ্চায়ত সভাপতি ৰাতুল শৰ্মা,মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি মৃদুল কলিতা, সম্পাদক চন্দন ডেকা আদিয়ে।ইফালে,বিধায়ক অশোক শৰ্মাই সাম্প্ৰতিক তলাবন্ধৰ সময়তছোৱাত বড়িগোগ বনভাগ খণ্ড উন্নয়নৰ অন্তৰ্গত ৯ টা গাঁও পঞ্চায়তত ইতিমধ্যে প্ৰায় পাঁচ হাজাৰ পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰা বুলিও সংবাদ মাধ্যমৰ আগত সদৰি কৰে।
- Log in to post comments
- 59 views