নামৰূপৰ পৰা সমীৰণ বৰুৱা:
ঐতিহ্যমণ্ডিত নামৰূপ সাৰ কাৰখানাৰ দ্বিতীয় আৰু তৃতীয় গোটৰ ম্যাদ উকলি যোৱাত ২০০৬ চনৰ ২৬ জুন তাৰিখে তেতিয়াৰ কেন্দ্ৰীয় সাৰমন্ত্ৰী ৰামবিলাস পাছোৱানে নামৰূপ সাৰ কাৰখানা পৰিদৰ্শন কৰিছিল।সেইমতেই সেই সময়ত উদ্যোগটোত জইন্ট-ভেন্সাৰত চতুৰ্থ গোট স্থাপন কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল।কিন্তু কাৰ্যত: এই গোটতো আজি ১৪ বছৰে হৈ নুঠিল।উল্লেখ্য যে যোৱা ১৯৬৯ চনতেই নামৰূপত স্থাপন হোৱা দক্ষিণ পূব এছিয়াৰ প্ৰথমটো সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাটোৱে দেশৰ অৰ্থনৈতিক বিকাশ, নিৱনুৱা সমস্যা দূৰীকৰণ আৰু কৃষিৰ বিকাশৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।তেনেস্থলত এই নামৰূপ সাৰকাৰখানাটোৱে তিল-তিলকৈ মৃত্যুৰ মুখলৈ গতি কৰাটো অতি দূৰ্ভাগ্যজনক কথা।আনকি,বিগত বৰ্ষৰ ১৯ ছেপ্টেম্বৰত বৰ্তমানৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সাৰমন্ত্ৰী ডিভি সদানন্দ গৌড়াই নামৰূপ সাৰকাৰখানা পৰিদৰ্শন কৰি পুনৰ প্ৰতিশ্ৰুতি দি গৈছিল যে আগন্তুক তিনিমাহৰ পৰা গোটটিৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰি প্ৰায় ৩-৪ বছৰৰ ভিতৰত কাৰ্যক্ষম কৰাৰ পৰিকল্পনা লোৱা হৈছে।কিন্তু প্ৰতিবাৰেই কেন্দ্ৰ তথা ৰাজ্যৰ বিভিন্ন মন্ত্ৰী-আমোলাই নামৰূপৰ এই উদ্যোগ পৰিভ্ৰমণ কৰি প্ৰতিশ্ৰুতিৰ ফুলজাৰি মৰাত হতাশাগ্ৰস্ত হৈ প্ৰধানমন্ত্ৰীৰ ২০ লাখ কোটি টকাৰ অৰ্থনৈতিক পেকেজৰ অন্তৰ্ভুক্তিৰে নামৰূপ 'বিভিএফচিএল'ৰ চতুৰ্থ গোট অনতিপলমে স্থাপনৰ দাবীত বুধবাৰে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কল্পজিৎ গগৈ আৰু সাধাৰণ সম্পাদক অসীম ফুকনৰ স্বাক্ষৰ সম্বলিত এখন স্মাৰকপত্ৰ দেশৰ প্ৰধানমন্ত্ৰী,কেন্দ্ৰীয় সাৰমন্ত্ৰী,কেন্দ্ৰীয় বিত্তমন্ত্ৰী,অসমৰ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীলৈ ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ জৰিয়তে প্ৰেৰণ কৰে।
- Log in to post comments
- 65 views