নলবাৰীৰ পৰা হেমন্ত কলিতা:
অসমৰ বাহিৰত কৰ্মৰত আৰু চিকিৎসাৰ বাবে যোৱা নলবাৰী জিলাৰ মুঠ ৭১ গৰাকী লোক বৰ্তমানলৈ জিলাখনলৈ উভতি আহিছে।ৰাজ্য চৰকাৰৰ সহযোগত নিজ জিলালৈ উভতি অহা আটাইকেইজন লোককে সম্প্ৰতি কোৱাৰেন্টাইন কেন্দ্ৰত ৰখা হৈছে।ইয়াৰ ৪৮ জন লোকক জিলাখনৰ বানেকুছিত থকা জৱাহৰ নৱোদয় বিদ্যালয়ত ৰখা হৈছে ৷ ইয়াৰ আন ২৩ গৰাকীক চহৰৰ গোপাল বজাৰত থকা প্ৰেমদা হোটেলত আৰু আই পি ল'জত স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰত ৰখা হৈছে।উল্লেখ্য যে এইসকলৰ ভিতৰত বহিঃৰাজ্যলৈ চিকিৎসা গ্ৰহণ কৰিবলৈ যোৱা কৰ্কট আৰু হৃদৰোগীসকলক হোটেল আৰু লজত ৰখা বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে।এই কেন্দ্ৰসমূহত ৰখা লোকসকলক থকা -খোৱাৰ ব্যৱস্থা কৰাৰ উপৰি জৱাহৰ নৱোদয় বিদ্যালয়ত স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰটো লোকসকলৰ মানসিক প্ৰশান্তিৰ বাবে আলোক-সজ্জাৰে সুসজ্জিত কৰি তোলা হৈছে।
- Log in to post comments
- 14 views