পূৰ্বৰ তিনিটাকৈ 'লকডাউন'ৰ অভিজ্ঞতাই বৰ্তমান চতুৰ্থ পৰ্যায়ৰ লকডাউন কিদৰে আগবাঢ়িব লাগিব সেই সন্দৰ্ভত মহানগৰ জিলা কৰ্তৃপক্ষ বিভিন্ন বিভাগৰ মুৰব্বীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হওঁক।এই কথা প্ৰকাশ কৰিছে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় "গুৱাহাটীত কোৰোনাত আক্ৰান্ত সংখ্যা বৃদ্ধি পোৱা মূল কাৰণ হৈছে উত্তৰ-পূবৰ যিহেতু গুৱাহাটী দুৱাৰ মূখ।তাৰ বাবে মহানগৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।
শ্ব'পিং মল,বিউটি পাৰ্লাৰ,চেলুন আদিত কাম কৰা যুৱক-যুৱতীৰ লগতে বিভিন্ন শ্ৰেণীৰ লোক লকডাউনৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।তেওঁলোকক কিদৰে সহায় কৰিব পাৰি,তাৰ বিষয়ে আলোচনা কৰা হয় বৈঠকত।
"ক'ৰ'নাৰ পৰা ৰক্ষা পোৱাৰ ক্ষেত্ৰত নাগৰিকসকলৰ যথেষ্ট দায়িত্ব আছে।সামাজিক ব্যৱধান ৰাখি আৰু মাস্ক পৰিধান কৰি চৰকাৰ নীতি-নিয়ম আৰু আইন সকলোৱে মানি চলা উচিত"-মন্ত্ৰী ভট্টাচাৰ্যই কয়।
গুৱাহাটীৰ ৰাজপথত পিপিই কিট পোৱাক লৈ মন্ত্ৰীগৰাকীয়ে কয়-"পিপিই কিট পিন্ধা ব্যক্তিগৰাকীৰ দায়িত্ব আছিল,সেইটো ব্যৱহাৰ কৰাৰ পিছত তাক ডাষ্টবিনত বা ক’ত পেলাব লাগে।"
ক্ষুদ্ৰ চিলাই মেচিন বা অন্য ব্যৱসায় কৰাসকলৰ যাৰ ঋণ আছে,যি লকডাউনৰ ফলত ব্যৱসায় বন্ধ ৰাখিব লগা হৈছে,সেইসকলৰ ক্ষেত্ৰতো এটা উদ্যোগ ল'ব বুলি তেওঁ জানিবলৈ দিয়ে ৷
- Log in to post comments
- 8 views