গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:
১৭ মে'ৰ পৰা ৰে'লযোগে গোলাঘাটলৈ আহিছে বৰ্হিৰাজ্যত থকা অসমৰ বহু যুৱক-যুৱতী।অসমত ক'ৰ'না সংক্ৰমণৰ প্ৰথম পৰ্যায়তে সৰ্বাধিক ৯ জনকৈ ক'ৰ'না পজিটিভ ৰোগীৰে গোলাঘাট জিলা অসমৰ শীৰ্ষস্থানত থকাৰ পিছতে সকলো সুস্থ হৈ ঘৰলৈ ওভতি যোৱাৰ পিছত জিলাখন স্বাভাৱিক অৱস্থালৈ আহিছিল যদিও পুনৰ সোমবাৰে ২ জনকৈ ক'ৰ'না পজিটিভ ৰোগীৰ উপস্থিতি ধৰা পৰিছে।জানিব পৰা মতে যোৱা ১৬ মে'ত চেন্নাইৰ পৰা গোলাঘাটত আহি উপস্থিত হোৱা চাৰিজনকৈ যুৱকক 'কঁহৰাৰ অৰণ্য' শীৰ্ষক কোৱাৰেন্টাইন কেন্দ্ৰত নিৰীক্ষণত ৰখাৰ সময়তে আহে এই দু:সংবাদটো।থ্ৰ'ট চোৱাপ পৰীক্ষাৰ অন্তত ইয়াৰে উৎপল বৰা আৰু ৰূপম বৰা নামৰ যুৱক দুজনৰ শৰীৰত ক'ৰ'না পজিটিভ পোৱা গৈছে। সূত্ৰ মতে দুয়োজনৰ ঘৰ গমাৰী অঞ্চলৰ কাছমাৰি আৰু চৰাইমাৰী গাঁঁৱত।অৱশ্যে লগত অহা বাকী দুজনৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে আৰু দুয়োজন এতিয়া কোৱাৰেন্টাইন কেন্দ্ৰতে নিৰীক্ষণত আছে। ইফালে,উৎপল বৰা আৰু ৰূপম বৰাক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত থকা ক'ভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।এই দুজন ৰোগীৰ সৈতে জিলাখনত এই পৰ্যন্ত মুঠ ১১ জন ক'ৰ'না পজিটিভ চিনাক্ত কৰা হৈছে।
- Log in to post comments
- 10 views