নগাঁৱৰ ৰণথলীত কাৰুশিল্পী-কাৰিকৰক বিধায়ক ৰূপক শৰ্মাৰ সাহায্য

Pic

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:

কেঁচা সোণেৰে অসমীয়া গহনা প্ৰস্তুত কৰি সমগ্ৰ অসমতে বিপুল সমাদৰ লাভ কৰা নগাঁও চহৰৰ সমীপৰ ৰণথলী অঞ্চলৰ কাৰুশিল্পী আৰু সহযোগী কাৰিকৰসকল 'লকডাউন'ৰ ফলত কৰ্মহীন হৈ পৰিছে।বিশেষকৈ ক'ৰ'না ভাইৰাছ সংক্ৰমণৰ আশংকা আৰু লকডাউনৰ ফলত ৰণথলীৰ কেঁচা সোণৰ উদ্যোগত প্ৰস্তুত কৰা অসমীয়া গহনাৰ বিক্ৰী বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে।এনে পৰিস্থিতিত অসমীয়া থলুৱা উদ্যোগবিধৰ লগত জড়িত শিল্পী তথা কাৰিকৰসকল আজি চৰম আৰ্থিক সংকটত সন্মুখীন হৈছে।সেয়ে কৰ্মহীন হৈ থকা কেঁচা সোণৰ কাৰুশিল্পী তথা কাৰিকৰসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ১৭ মে'ৰ বিয়লি ৰণথলী গাঁৱত উপস্থিত হৈ লোকসকলক চাউল,দাইল,আলু আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ টোপোলা বিতৰণ কৰে।

Pic

ৰণথলীৰ সোণোৱালী পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত কাৰ্যসূচীত বিধায়কগৰাকীয়ে সামগ্ৰীসমূহ বিতৰণ কৰে।শৰ্মাই ৰণথলীৰ কেঁচা সোণৰ থলুৱা উদ্যোগৰ ঐতিহ্যৰ বিষয়ে উল্লেখ কৰি এই থলুৱা উদ্যোগবিধক কোনো কাৰণতে বিপৰ্যস্ত হ'বলৈ নিদিয়ে বুলি মন্তব্য কৰে ।উল্লেখযোগ্য যে অঞ্চলটোৰ তিনি শতাধিক পৰিয়ালৰ লোকক সামাজিক দূৰত্ব বৰ্তাই সামগ্ৰীৰ টোপোলাসমূহ বিতৰণ কৰা হয়।ইফালে,ৰণথলীৰ কেঁচা সোণৰ থলুৱা উদ্যোগৰ ঐতিহ্য প্ৰতিফলিত কৰাৰ বাবে বিধায়ক ৰূপক শৰ্মাই চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰণথলী অঞ্চললৈ যোৱাৰ পথত এখন তোৰণ নিৰ্মাণৰ অনুমোদন জনোৱাৰ কথা উপস্থিত ৰাইজক অৱগত কৰে।

Your Comments