নগাঁৱৰ চামগুৰিত পৰাগ কুমাৰ দাসৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

Pic

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:

বিশিষ্ট সাংবাদিক পৰাগ কুমাৰ দাসৰ ২৪ সংখ্যক মৃত্যু দিৱসত লকডাউনৰ মাজতে নগাঁও জিলাৰ চামগুৰিত অনুষ্টুপীয়াকৈ বিশিষ্ট সাংবাদিকগৰাকীক স্মৰণ কৰিলে স্থানীয় সচেতন নাগৰিকসকলে।চামগুৰিৰ বহুকেইজন সাংবাদিকৰ উদ্যোগত আৰু অকণিৰ সাহিত্য সভা আৰু শংকৰদেৱ শিশু নিকেতন,চামগুৰিৰ সহযোগত স্মৃতিচাৰণ  অনুষ্ঠান অনুষ্ঠিত কৰা হয়।লকডাউনৰ মাজতেই সামাজিক দূৰত্ব বজাই ৰাখি  সাংবাদিক পৰাগ কুমাৰ দাসৰ স্মৃতিত প্ৰথমে এটি প্ৰাৰ্থনা জনোৱা হয়।শিশুবন্ধু ৰূপে পৰিচিত বিশিষ্ট শিশু সাহিত্যিক দুলাল বৰাই প্ৰয়াত সাংবাদিক দাসৰ জীৱন  সন্দৰ্ভত আলোকপাত কৰে।শংকৰদেৱ শিশু নিকেতন,চামগুৰিৰ প্ৰধান আচাৰ্য দীগেন বৰাই আঁত ধৰা অনুষ্ঠানটোত চামগুৰি গেছ এজেন্সীৰ প্ৰৱন্ধক পবন বৰাই সাংবাদিকগৰাকীক স্মৰণ কৰাৰ লগতে সাম্প্ৰতিক সময়ত শিশুসকলে কোভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ল'বলগীয়া সাৱধানতা সম্পৰ্কে বিশদ ব্যাখা আগবঢ়ায়।  ইয়াৰ পিছতে স্থানীয় কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত  কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ২০ গৰাকী শিশু প্ৰতিযোগীক  নগাঁৱৰ ক্ৰান্তিকাল  আৰু মালিনী প্ৰকাশনে আগবঢ়োৱা একোখনকৈ শিশু উপযোগী গ্ৰন্থ উদ্যোক্তাসকলে প্ৰদান কৰে।আচাৰ্য দীগেন বৰাৰ বাসগৃহৰ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা এই  অনুষ্ঠানত সাংবাদিক প্ৰমোদ শৰ্মা,নয়নমণি বৰা,প্ৰদীপ বৰা,কুইজ মাষ্টৰ ৰূপে খ্যাত নৱজ্যোতি বৰাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Your Comments