কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:
বহি:ৰাজ্যৰ পৰা নগাওঁ জিলালৈ অহা লোকসকলক ৰাখিবৰ বাবে কলিয়াবৰ মহকুমাত স্থাপন কৰা দহটাকৈ কোৱাৰেটেইমেণ্ট চেণ্টাৰ ক্ৰমে কৃষি সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰ,নলতলী,লাওখোৱা আদর্শ বিদ্যালয়,লাইলুৰী গাৰ্লছ হোষ্টেল,এছ আই আৰ ডি- আমনি,আমনি মাল্টি পাৰপাছ কমপ্লেক্স,চামগুৰী হাইস্কুল,বৰ্ষা বিবাহ ভৱন, কস্তৰবা বালিকা বিদ্যালয়,মিছা বাপুজী হাইস্কুল,শালনা আৰু আমলক্ষী হাইস্কুল।ইফালে,বাগৰি ল'জ,বাগৰি,লেণ্ডমাৰ্ক,হোটেল, বাগৰি,ইউনাইটেড- ২১,বাগৰি,কেম্প ৰাইন', কাঞ্চনজুৰি, গ্ৰাছ লেণ্ড,গ্ৰীণ ভিলেইজ,বাগৰি, আচিয়ানা,নলতলী আৰু ডিফলু ৰিভাৰ ল'জত পেইড কোৱাৰটেইনমেণ্ট চেন্টাৰ স্থাপন কৰা হৈছে।
দুই শতাধিক লোকক এই চেণ্টাৰসমূহত ৰাখিব পৰা ব্যৱস্থা আছে বুলি জানিব পৰা গৈছে।ইতিমধ্যে কলিয়াবৰৰ বাঘজানস্থিত মানস ফুকনৰ পৰিয়াল চেন্নাইৰ পৰা কলিয়াবৰ পাইছেহি আৰু এই পৰিয়ালটোক হ'ম কোৱাৰেন্টেইন কৰা হৈছে।
- Log in to post comments
- 175 views