মৰিগাঁৱৰ পৰা জিতুমণি নাথ:
মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষীয়ে অঞ্চলটোত চলি থকা অবৈধ সুৰা,চুলাই মদ আৰু নিচাসক্ত দ্ৰব্যৰ বিৰুদ্ধে চলাই থকা অভিযানৰ অংশ হিচাপে শনিবাৰে আবেলি চলোৱা অভিযানত ১ হাজাৰ লিটাৰ চুলাই মদ,৩ কাৰ্টন বিদেশীৰ সুৰা আৰু বৃহৎ পৰিমানৰ চুলাই মদ প্ৰস্তুত কৰা সামগ্ৰী নষ্ট কৰিবলৈ সক্ষম হয়।
মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত মিকিৰভেটা থানাৰ অন্তৰ্গত পাগহালি,জাজৰি,বগৰিবাৰী আদি কৰি কেইবাটাও অঞ্চলত অভিযানত চলোৱা হয়।উল্লেখ্য যে দেশত চলি থকা লকডাউনৰ মাজতে একাংশ অসাধু লোকে আৰক্ষীৰ চকুত ধূলি দি গোপনে অবৈধ সুৰাৰ লগতে নিচাসক্ত দ্ৰব্যৰ ব্যৱসায় চলাই আছে যদিও আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যসমূহৰ বিৰুদ্ধে গ্ৰহণ কৰা স্থিতিৰ অঞ্চলটোৰ সচেতন মহলে শলাগ লৈছে।
- Log in to post comments
- 14 views