নলবাৰীত কোৱাৰেন্টাইন কেন্দ্ৰ পৰিদৰ্শন বিধায়ক অশোক শৰ্মাৰ

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰীত শনিবাৰে কোৱাৰেন্টাইন কেন্দ্ৰ পৰিদৰ্শন কৰে বিধায়ক অশোক শৰ্মাই৷ নলবাৰীৰ বিধায়ক অশোক শৰ্মাক সংগ দিয়ে জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ৷ ইতিমধ্যে চৰকাৰ তথা ৰে'ল বিভাগে বহিঃৰাজ্যৰ পৰা আবদ্ধ হৈ থকা লোকসকলক ওভতাই অনাৰ ব্যৱস্থা কৰিছে।ইতিমধ্যে বহিঃৰাজ্যৰ পৰা বহু লোক ওভতি আহিবলৈ সক্ষম হৈছে।তদুপৰি,এতিয়াও বহু লোক আহিবলৈ বাকী আছে।কিন্তু ওভতি অহা লোকসকলক ক'ত ক'ত ৰাখিব জিলা প্ৰশাসনে,ক'ত ক'ত কৰিছে কোৱাৰেন্টাইনৰ ব্যৱস্থা;স্বাস্থ্য,খাদ্য,নিৰাপত্তাকে ধৰি বিভিন্ন দিশৰ বুজ লয় বিধায়ক অশোক শৰ্মাই ৷ বিধায়কগৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে যে নলবাৰী জিলা প্ৰশাসনে বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোকসকল ওভতি অহাৰ পিছত তেওঁলোকক ৰাখিবলৈ নলবাৰীত ১৮ টাকৈ স্থানত কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰিছে।ইয়াৰ ভিতৰত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়তো স্থাপন কৰা হ'ব কোৱাৰেন্টাইন চেন্টাৰ।শনিবাৰে নলবাৰী জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে স্থানীয় বিধায়ক অশোক শৰ্মাৰ সৈতে পৰিদৰ্শন কৰিলে বিশ্ববিদ্যালয়ৰ চৌহদ।বহিঃৰাজ্যৰ পৰা আহিবলগীয়া লোকসকলক ৰাখিবলৈ প্ৰস্তুতি চলোৱা সংস্কৃত বিশ্ববিদ্যালয়ৰ শৌচালয় আদিও তন্ন-তন্নকৈ পৰিদৰ্শন কৰে বিধায়কগৰাকীয়ে।বহিঃৰাজ্যত আৱদ্ধ হৈ থকা নলবাৰীৰ লোকসকলৰ ওভতি অহাৰ পিছত যাতে কোনো অসুবিধা নহয়,সেই দিশত নজৰ ৰাখিছে উপায়ুক্তগৰাকীয়ে।আনহাতে,নলবাৰীৰ একমাত্ৰ স্ত্ৰী উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান এমএনচি কলেজতো স্থাপন কৰা হ'ব কোৱাৰেন্টাইন চেন্টাৰ।অৱশ্যে উক্ত চেন্টাৰটো ছাত্ৰীৰ লগতে মহিলাসকলৰ বাবেহে সংৰক্ষিত কৰা হৈছে বুলি বিধায়কগৰাকীয়ে সদৰি কৰে।


প্ৰেৰক ---দ্বিজেন ডেকা । ঘগ্ৰাপাৰ।১৬/৫/২০.

Your Comments