বঙাইগাঁৱৰ প্ৰতিবেদক:
দেশজুৰি ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চলি থকা লকডাউনৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বহিঃৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ হাজাৰ-হাজাৰ শ্ৰমিক তথা লোকৰ মাজত।যাৰ বাবে যি যেনেকৈ পাৰে ঘৰমুৱা হৈছে।কিন্তু চৰকাৰে বহিঃৰাজ্যৰ পৰা ওভতি অহাসকলক প্ৰথমে কোৱাৰেণ্টাইনত ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাত এতিয়া গোপনে ৰাজ্যখনত প্ৰৱেশ কৰিবলৈ লৈছে একাংশ শ্ৰমিকে।এইসকল শ্ৰমিকে কণ্টেইনাৰ আদিৰে প্ৰৱেশ কৰিবলৈ লৈছে।অসমত প্ৰৱেশ কৰাৰ পিছত আনকি স্বাস্থ্য পৰীক্ষা নকৰাকৈয়ে নিজ নিজ জিলালৈ ৰাওনা হৈছে।শনিবাৰে বঙাইগাঁৱৰ চাপৰাকাটাত এইদৰে এখন কণ্টেইনাৰৰ ভিতৰত সোমাই বহিঃৰাজ্যৰ পৰা গোপনে অসমলৈ অহা ৫১ জন শ্ৰমিকক বঙাইগাঁও আৰক্ষীয়ে আটক কৰে।
শ্ৰমিকসকলে ইউ পি ২১ চি এন ২০৫০ নম্বৰৰ এখন কণ্টেইনাৰখনত উঠি বহিঃৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰিছিল।কণ্টেইনাৰখনৰ চালকে কণ্টেইনাৰখন গুৱাহাটীলৈ গৈ থকা বুলি জানিবলৈ দিয়ে।পিছত বঙাইগাঁৱৰ চাপৰাকাটাত কণ্টেইনাৰখনৰ ওপৰত আৰক্ষীৰ সন্দেহ ওপজে আৰু তালাচী চলোৱাত ভিতৰত শ্ৰমিকসকলক উদ্ধাৰ কৰে। আৰক্ষীয়ে পিছত শ্ৰমিকসকলৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰি গাড়ীযোগে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামৰ কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰে।জানিব পৰা মতে শ্ৰমিকসকল পশ্চিম বংগৰ ৰায়গঞ্জৰ পৰা অসমলৈ আহিছে।প্ৰথমে প্ৰায় ৫০ কিলোমিটাৰ পথ পদব্ৰজে অহাৰ পিছত পশ্চিমবংগৰ ডালখোলা অঞ্চলত কণ্টেইনাৰখন পায় ৷ শ্ৰমিকসকলে কণ্টেইনাৰখনৰ চালকক তেওঁলোকক অসমলৈ অনাৰ বাবে অনুৰোধ জনায় আৰু পিছত চালকজনে ধনৰ বিনিময়ত আনিবলৈ ৰাজি হয়।
কিন্তু মূল কথা হ'ল কণ্টেইনাৰখন বহিঃৰাজ্যৰ পৰা শ্ৰীৰামপুৰ হৈ প্ৰৱেশ কৰি আহি কোকৰাঝাৰ আৰু চিৰাং জিলাৰ মাজেৰে আহি বঙাইগাঁও জিলা পালে যদিও ক'তো তালাচীয়ে কৰা নহ'ল।শেষত বঙাইগাঁও জিলাতহে বিষয়টো পোহৰলৈ আহিল।গতিকে শ্ৰীৰামপুৰ প্ৰৱেশ পথত কি চলি আছে,সেয়া সহজেই অনুমান কৰিব পাৰি।সেইদৰে শ্ৰমিকসকলক কণ্টেইনাৰখনত উঠাই অনাৰ বাবে নাই কোনো নথি-পত্ৰও।
এই ঘটনাটোৰ পৰা শ্ৰীৰামপুৰ প্ৰৱেশ পথেৰে ৰাজ্যখনত প্ৰৱেশ কৰা ট্ৰাক তথা বাহনসমূহ তালাচী কৰা হয় নে বিনা বাধাই আহিবলৈ দিয়া হৈছে সেয়া বৰ্তমান সময়ত চিন্তাৰ বিষয় হৈ পৰিছে।উল্লেখ্য যে বহিঃৰাজ্যত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ বাবে চৰকাৰে শেহতীয়াকৈ বিশেষ ৰে'লৰ ব্যৱস্থা কৰিছে যদিও যি যেনেকৈ পাৰে ৰাওনা হৈছে নিজ ৰাজ্যলৈ ৷ কোনোবাই যদি হাতত ধন নথকাৰ বাবে খোজ কাঢ়ি ৰাওনা হৈছে,আন কোনোবাই আকৌ ক'ৰ'না মহামাৰীৰ আতংকৰ মাজতো ট্ৰাক,কণ্টেইনাৰ আদিত কোনো সামাজিক দূৰত্ব মানি নচলাকৈয়ে গোপনে ৰাওনা হৈছে ৷ সকলোৰে উদ্দেশ্য এটাই আৰু সেয়া হ'ল এই মহামাৰীৰ সময়ত নিজ ঘৰত পৰিয়ালৰ কাষত উপস্থিত হ'ব লাগে৷
- Log in to post comments
- 15 views