হাজোৰ ঐতিহাসিক মাধৱ মন্দিৰ পুখুৰীত মাছৰ অস্বাভাৱিক মৃত্যু 

হাজোৰ পৰা কমলাকান্ত দাস:

ৰাজ্য চৰকাৰৰ বিয়াগোম মীন বিভাগ আৰু জিলা প্ৰশাসনৰ চূড়ান্ত অকৰ্মণ্যতাৰ স্পষ্ট উদাহৰণ হৈ পৰিছে তীৰ্থনগৰী হাজোৰ ঐতিহাসিক মাধৱ মন্দিৰৰ পুখুৰীটোৰ মাছৰ মৃত্যু।পুৰাণ প্ৰসিদ্ধ 'বিষ্ণু পুস্কৰ' নামেৰে খ্যাত এই পুখুৰীটোত অব্যাহত আছে মাছৰ অস্বাভাৱিক মৃত্যু।পুখুৰীটোত পুনৰ ছয়টাকৈ মাছ মৃত্যুমুখত পৰা ঘটনাই উদ্বিগ্ন কৰি তুলিছে হাজোৰ ৰাইজক।উল্লেখ যে তীৰ্থনগৰী হাজোৰ মঠ- মন্দিৰ দৰ্শনৰ বাবে অহা দেশী - বিদেশী পৰ্যটক তথা ধৰ্মপ্ৰাণ ৰাইজৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে পুৰাণপ্ৰসিদ্ধ বিষ্ণু পুস্কৰ নামেৰে খ্যাত মাধৱ মন্দিৰ পুখুৰীৰ ডাঙৰ মাছ-কাছবোৰ।নিচেই ওচৰৰ পৰা এই মাছ-কাছবোৰক হেঁঁপাহ পলুৱাই চোৱা আৰু তেনে বিৰল মুহূৰ্তৰ ফটো তোলাৰ আনন্দই সুকীয়া।তদুপৰি,হিন্দু ধৰ্মীয় দৰ্শন অনুসৰি, ভগৱানৰ প্ৰথম অৱতাৰী ৰূপ  মৎস্য অৰ্থাৎ আৰু ভগৱানৰ দ্বিতীয় অৱতাৰী ৰূপ কুৰ্ম অৰ্থাৎ কাছ।এই বিষ্ণু পুষ্কৰ পুখুৰীটোত ভগৱানৰ দুই অৱতাৰী ৰূপ মাছ আৰু কাছ একেলগে থকা বুলি হিন্দু ধৰ্মীয় লোকসকলে যুগ যুগ ধৰি বিশ্বাস কৰি আহিছে।হাজোৰ হিন্দু - মুছলমান উভয় সম্প্ৰদায়ে বিষ্ণু পুষ্কৰ পুখুৰীটোৰ মাছ - কাছবোৰক দেৱতা জ্ঞান কৰি আহিছে।কিন্তু পৰিতাপৰ কথা এই যে সম্প্ৰতি বিভাগীয় কৰ্তৃপক্ষৰ আওকণীয়া মনোভাৱৰ পৰিপ্ৰেক্ষিতত মাধৱ মন্দিৰৰ পুখুৰীটোৰ পানী ক্ৰমশ: প্ৰদূষিত হবলৈ ধৰাত মাছ - কাছবোৰলৈ আহি পৰিছে চৰম ভাবুকি।

Pic

শুকুৰবাৰে পুখুৰীটোৰ একাংশ মাছ অস্বাভাৱিকভাৱে উপঙি উঠাৰ লগতে প্ৰায় বিশকিলো ওজনৰ এটি বিকেট,বৃহদাকাৰৰ ৰৌ,বাহ,মিৰিগা,কামানসহমুঠ ছয়টাকৈ মাছ মৃত অৱস্থাত উদ্ধাৰ কৰে।এই খবৰ পোৱাৰ পিছত হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, হাজোৰ চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি দাস,মীন বিষয়া ৰঞ্জিত দাসসহ কেইবাগৰাকীও বিষয়া উপস্থিত হৈ পুখুৰীটো পৰিদৰ্শন কৰে আৰু হাজো অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ীৰে পুখুৰীটোৰ পানীভাগ সঞ্চালন কৰে।পুখুৰীটোৰ মাছৰ অস্বাভাৱিক মৃত্যুৰ বাবে হাজো 'আছু'কে ধৰি বিভিন্ন দল-সংগঠন,ব্যক্তি বিশেষে ৰাজ্য চৰকাৰৰ বিয়াগোম মীন বিভাগ আৰু জিলা প্ৰশাসনক ধিক্কাৰ দিয়ে। 

--- বিভাগক ধিক্কাৰ, মুখ্যমন্ত্ৰীক হস্তক্ষেপৰ দাবী---

'ঐতিহাসিক মাধৱ মন্দিৰ পুখুৰীৰ মাছৰ অস্বাভাৱিক মৃত্যুৰ বাবে ৰাজ্য চৰকাৰৰ বিয়াগোম মীন বিভাগ।মীন বিভাগৰ অকৰ্মণ্যতা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবে পুখুৰীটোৰ মাছ - কাছবোৰে অস্বাভাৱিক মৃত্যুক সাৱটিব লগীয়া হৈছে'-এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাসৰ।।আছু নেতাগৰাকীয়ে কয় যে তদানীন্তন চৰকাৰৰ কাৰ্যকালত ঐতিহাসিক পুখুৰীটোৰ মাছ - কাছবোৰৰ অপমৃত্যূ ৰোধ কৰাৰ স্বাৰ্থত আধুনিকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আচনি প্ৰস্তুত কৰা হৈছিল।তদানীন্তন কামৰূপ জিলাৰ উপায়ুক্তগৰাকীৰ অধ্যক্ষতাত আছু, মীন বিভাগ আৰু জিলা প্ৰশাসনৰ প্ৰচেষ্টাত এখন আঁঁচনি গ্ৰহণ কৰি মাছ - কাছৰ অপমৃত্যূ ৰোধৰ চেষ্টা চলোৱা হৈছিল কিন্তু আজি পৰ্যন্ত সেই আঁঁচনিখনৰ ধন মোকলাই নিদিয়াত ক্ষোভ উজাৰি আছু নেতা দাসে।এইক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপ দাবী কৰে।

Your Comments