নলবাৰীৰ পৰা হেমন্ত কলিতা:
নলবাৰী জিলাৰ নিজ পকোৱাৰ এজন ছাত্ৰৰ কৰুণ গাঁথা।সপ্তম শ্ৰেণীৰ পৰাই দৃৃষ্টিহীন হৈ পৰিছিল জিতু দাস নামৰ ছাত্ৰজন।অতি দৰিদ্ৰ পৰিয়ালৰ অজিত দাসৰ পুত্ৰ জিতুৱে ৩ বছৰ বয়সৰ পৰাই মোমায়েকৰ ঘৰত থাকি ডাঙৰ-দীঘল হয়।জিতুৰ পিতৃ অজিত দাসে আনৰ ঘৰত ৰং লগোৱা কাম কৰিছিল যদিও তেওঁৰ ভৰি এখন ভাঙি থকাত জিতুৰ মাতৃ মঞ্জু দাসে আনৰ ঘৰত কাম কৰি পৰিয়ালটো পোহপাল দি আছে ৷মোমায়েকৰ ঘৰত থকাৰ সময়তে চকুৰ কিছু সমস্যাত ভোগাৰ পিছত মোমায়েকে জিতুক এখন ব্যক্তিগত চিকিৎসালয়ত চকু পৰীক্ষা কৰে আৰু দুবাৰকৈ অস্ত্ৰোপচাৰ কৰে যদিও জিতুৰ চকুৰ বিসংগতি দূৰ নহ’ল।ইয়াৰ পিছত স্থানীয় ৰাইজৰ সহায় লৈ জিতুৰ পৰিয়ালে বন্ধন বেংকৰ পৰা টকা সুতত লৈ নেপাললৈ চকু চিকিৎসাৰ বাবে লৈ যায় আৰু নেপালৰ চিকিৎসকে জিতুক উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ নিবলৈ পৰামৰ্শ দিয়ে।লগতে ১০ বছৰ পিছত জিতুৱে সম্পূৰ্ণৰূপে দেখা নোপোৱা হ’ব বুলিও চিকিৎসকে পৰিয়ালক অৱগত কৰে।ইতিমধ্যে জিতুৱে লাহে লাহে চকুজুৰিৰে দেখা নোপোৱা হোৱাত নলবাৰীৰ পকোৱা হাইস্কুলত সপ্তম শ্ৰেণীৰ পৰা শিক্ষা জীৱনৰ ইতি পেলাবলগীয়া হয়।সংগীত ভালপোৱা মেধাৱী ছাত্ৰজনৰ এনে দুৰাৱস্থাৰ কথা জানি নলবাৰীৰ জিলাৰ ধৰ্মপুৰ সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে জিতুৰ চিকিৎসাৰ বাবে ৫ হাজাৰ টকা সাহায্য হিচাপে আগবঢ়ায়।দুৰ্ভগীয়া জিতুৱে তেওঁক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰি দিবলৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে৷
- Log in to post comments
- 7 views