ৰঞ্জিত তালুকদাৰ,বৰপেটাৰোড:
বৰপেটা জিলাৰ সৰভােগ সমূহীয়া স্বাস্থ্য কেন্দ্রৰ মেডিকেল কোৱাৰেন্টাইনত ৰাজস্থানৰ মহেন্দ্রগঞ্জ জিলাৰ জয়পুৰৰ ৰেবাৰী গাঁঁৱৰ বাসিন্দা ৰমেশ কুন্টা নামৰ এজন ব্যক্তি ২২ এপ্রিলৰ পৰা আছিল।কিন্তু লােকজনে ১৫ মে’ তাৰিখে পুৱা স্বাস্থ্য কেন্দ্ৰটোৰ আচবাব,দুৱাৰ- খিৰিকী আদিৰ ক্ষতিসাধন কৰি পলায়ন কৰিছিল।শনিবাৰে পুৱা প্রায় ৭-৩০ মান বজাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সৰভােগ আৰক্ষীয়ে বহুওৱা চেকপোষ্টৰে এজন অসুস্থ মানুহক খােজকাঢ়ি গৈ থকা প্রত্যক্ষ কৰে।তাৰ পিছত তেওঁক আৰক্ষীয়ে মাতি বহিবলৈ দিয়ে।ক্ষন্তেক সময়ৰ পিছত সৰভােগ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ গাণনিক মৃণাল ৰঞ্জন দাসৰ উপস্থিতিত পলায়ন কৰা ৰাজস্থানৰ ৰমেশ কুণ্টা বুলি চিনাক্ত কৰে ৷
- Log in to post comments
- 10 views